Local, Vocal, Global

Morigaon Murder Case, 3 Accused Nabbed:মৰিগাঁৱৰ মৈৰাবাৰীত গ্রেপ্তাৰ হত্যাৰ অভিযোগত তিনি অভিযুক্ত

নিউজ ডেস্ক,১৬অক্টোবৰ : মৰিগাঁৱৰ মৈৰাবাৰীত গ্রেপ্তাৰ হত্যাৰ অভিযোগত তিনি অভিযুক্ত। মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কেইটাত । গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটা ক্ৰমে চৰাজুল হক, নজৰুল হক আৰু ছেকবৰ আলী বুলি জানিব পৰা গৈছে। ধৃত অভিযুক্তকেইজনৰ ঘৰ মৈৰাবাৰীৰ বহলাৰ মুখত(Morigaon Murder Case, 3 Accused Nabbed)।

মৈৰাবাৰী আৰক্ষীয়ে দুই অক্টোবৰত বহলাৰ মুখ গাঁৱৰ নাজিৰুল ইছলাম নামৰ এজন যুৱকক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰে ।

জানিব পৰা মতে, পূৰ্বৰ আখেজৰ বাবেই যুৱকজনক হত্যা কৰাৰ অভিযোগত এই তিনিজন লোকক গ্রেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে। অধিক তথ্যৰ আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত ১৫৬/২৪ নং গোচৰ ৰুজু কৰি তিনি অভিযুক্তক মৈৰাবাৰী আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :Road Accident in Boko : বকোৰ শাখাতিত ভয়ংকৰ পথ দুৰ্ঘটনা