Cattle thief beaten to death : মৰিগাঁৱৰ হত্যাৰ ঘটনাৰ সৈতে জড়িত ৫জন আটক
মৰিগাঁও, ২৬জুলাই : মৰিগাঁৱৰ আঁহতগুৰিৰ ঘটনাৰ সৈতে জড়িত পাঁচগৰাকীক লোকক আটক কৰে আৰক্ষীয়ে9morigaon moral policing case arrested 5)।সোমবাৰে গৰু চুৰিৰ সন্দেহত ৰাইজৰ প্রহাৰত মৃত্যু হৈছিল এজনলোকৰ(Cattle thief beaten to death)।
ঘটনা অনুসৰি ,সোমবাৰে নিশা মৰিগাঁৱৰ আঁহতগুৰিত এঘৰ মানুহৰ ঘৰত গৰু চোৰ কৰিবলৈ আহিছিল ৬টাকৈ গৰু চোৰে । এনে সময়তে স্থানীয় লোকে হাতে -লোটে ধৰা পেলাই গৰু চোৰ কেইটাক কিন্তু তাৰে মাজৰে তিনিজন এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে যদিও বাকী তিনিজনজনক হাতে লোটে ধৰে স্থানীয় লোকে ।
স্থানীয় লোকে ক্ষোভিত হৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে গৰু চোৰ কেইটাক লগতে চোৰকেইটাই ব্যৱহাৰ কৰা বাহনখনটো অগ্নিসংযোগ কৰে বুলি জানিবলৈ পৰা গৈছে (Morigaon cattle thief one died by mob attack)।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় জিলাখনৰ সহকাৰী আৰক্ষী আযুক্ত আৰু চোৰকেইটাক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে । চোৰ কেইটা ক্ৰমে ছাদ্দাম হুছেইন, বিল্লাল আলী আৰু মিৰাজুল হক বুলি চিনাক্ত কৰা হৈছে(morigaon moral policing case arrested 5)।
ৰাইজৰ গণ প্ৰহাৰত মৃত্যু হয় এজন লোকৰ ৷ মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় আন দুজন লোকক । মৃত চোৰটোৰ নাম ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে চিকিৎসাধীন হৈ আছে আন দুটা চোৰ বিল্লাল আলী আৰু মিৰাজুল হক (Morigaon cattle thief one died by mob attack) ৷
উল্লেখ্য যে,এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলায়। আৰক্ষীৰ বাহনতো আক্রমণ কৰে উত্তেজিত লোকৰ। গণপ্রহাৰত জড়িতই আৰক্ষীৰ ওপৰতো চলাইছিল আক্রমণ। আৰক্ষীৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল।তাৰপাছতে এই ঘটনাৰে জড়িত ধৃত যোগেশ্বৰ দাস, বাবুলি দাস, অজিত দাস,কমলেশ্বৰ দাস আৰু ছত্রসিংহ দাসক আটক কৰে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
লগতে পঢ়ক : Cattle thief beaten to death: মৰিগাঁৱত গৰু চোৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ