Dr. Banikanta Kakati Merit Award : ৩৫,৭৭০ গৰাকী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ব ড০ বাণীকান্ত কাকতি বঁটা

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি বঁটা। ৰাজ্যৰ প্ৰায় ৩৫,৭৭০ গৰাকী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ব ড০ বাণীকান্ত কাকতি মেধা বঁটা । ৭৫% নম্বৰ লাভ কৰা ছাত্ৰক প্ৰদান কৰা হ’ব স্কুটী। প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়েও লাভ কৰিব স্কুটী। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান(More Than 35000 Meritorious Students To Receive Dr. Banikanta Kakati Merit Award)। ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব স্কুটী। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ৰনোজ পেগু(Dr. Banikanta Kakati Merit Award)।
এইবাৰ ৰাজ্য চৰকাৰৰ অধীনত এই বঁটা ৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হ’ব। এই বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক স্কুটাৰ প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় ড০ বাণীকান্ত কাকতি বঁটা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰই ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ আৰু যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সেই সকলক এই বঁটা প্ৰদান কৰা হয়। এইবাৰ স্কুটাৰ বিতৰণৰ বাবে ধাৰ্য কৰা মুঠ বাজেটৰ পৰিমাণ ২৫৯৫৪.২৯ লাখ টকা।