Local, Vocal, Global

Massive Earthquake Strikes China : ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি; নিহত শতাধিক লোক , আহত দুই সহস্রাধিক লোক

ইণ্টাৰনেশ্যনেল ডেস্ক : ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি । সোমবাৰে নিশা ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল চীন(Massive Earthquake Strikes China) ৷ সোমবাৰে নিশা অহা ৬.২ প্ৰাৱল্যত বৰ ভূমিকম্পত চীনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি সাধন হয় ৷ চীনৰ লগতে নিশাৰ পৰা আফগানিস্তান, ম্যানমাৰ, লাডাখৰ কাৰ্গিল আৰু আন্দামান সাগৰতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। এই সকলো ঠাইতে তীব্ৰতাৰ ভূমিকম্পই জোকাৰি যায়(Massive earthquake strikes China, 111 killed, 200 people injured)।

প্ৰাপ্ত তথ্য অনুসৰি, এই ভূমিকম্পৰ ফলত ১১১ জন নিহত হোৱাৰ লগতে ২৩০ জনতকৈ অধিক আহত হয় ।

চীনৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, চীনৰ উত্তৰ-পশ্চিম দিশৰ গানছু প্ৰদেশৰ জিশিশান ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ৷

দেশখনৰ ৰাজ্যিক সংবাদ মাধ্যমত প্ৰকাশ কৰা বাতৰি অনুসৰি, সোমবাৰে উত্তৰ-পশ্চিম চীনৰ এটা পাহাৰীয়া অঞ্চলত ৬.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৷ ভূমিকম্পটোৰ ফলত গানছু প্ৰদেশত ১০০ জন আৰু চুবুৰীয়া প্ৰদেশ কিংঘাইত ১১ জন লোকৰ মৃত্যু হৈছে(Trail Of Devastation In China After Massive Earthquake, Over 111 Dead) ।

এই ভয়ংকৰ ভূমিকম্পৰ সন্দৰ্ভত ই এম এছ চিয়ে জানিবলৈ দিয়ে যে, ভূমিকম্পটো ৩৫ কিঃমিঃ গভীৰতা সংঘটিত হৈছিল আৰু ইয়াৰ উৎপত্তিৰ কেন্দ্ৰস্থল গানছুৰ প্ৰাদেশৰ ৰাজধানী চহৰ লাঞ্জৌৰ পৰা ১০২ কিলোমিটাৰ পশ্চিম-দক্ষিণত আছিল(More than 111 people killed in earthquake in northwest China) ৷

ভূমিকম্পৰ ফলত কিছু কিছু অঞ্চলত যাতায়ত, বিদ্যুৎ সেৱা, মোৱাইল সেৱা ব্যাহত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ভূমিকম্পৰ ফলত আৱদ্ধ হৈ থকা লোকক উদ্ধাৰ বাবে অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে ৷

ভূমিকম্পৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে (China’s President Xi Jinping) ধ্বংসস্তূপত আবদ্ধ লোকক উদ্ধাৰৰ বাবে অনুসন্ধান অভিযান চলাবলৈ নিৰ্দেশ দিছে। চীনৰ গাংচু আৰু কিংঘাই চহৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।

লগতে পঢ়ক : 15 Suspected Drug Smugglers killed in Clash : ম্যানমাৰ সীমান্তৰ সমীপত গুলীচালনাৰ ঘটনা