WATCH | Moran News : নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ চফিউদ্দিন আহমেদ ওৰফে চফিকক
মৰাণ,১৪জুন : মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ দিনটোতে মৰাণ আৰক্ষীৰ জালত পৰিল নিষিদ্ধ ঘোষিত সংগঠনৰ এজন আণ্ডাৰগ্ৰাউণ্ড সদস্য। মৰাণৰ ১নং মিৰিহোলাৰ পৰা মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চফিউদ্দিন আহমেদ ওৰফে চফিক নামৰ যুৱকজনক(Moran News)।
দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি কাম কৰি অহা তথ্য প্ৰমাণ লাভ কৰা পাছতে মৰাণ আৰক্ষীয়ে নিশা চফিকৰ গৃহত ৫ ঘণ্টা সময় জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে। মৰাণ আৰক্ষীয়ে 62/25 নম্বৰৰ 308(5)bns 10/13UAP actৰ জৰিয়তে গোচৰ ৰুজু কৰি যুৱকজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।
জানিব পৰা অনুসৰি, যুৱকজনে মৰাণৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত নিষিদ্ধ সংগঠনৰ হৈ ধন দাবী আৰু ধন সংগ্ৰহ কৰি আহিছিল। লগতে বহু ব্যৱসায়ীৰ ফোন নম্বৰ নিষিদ্ধ ঘোষিত সংগঠনক যোগান ধৰা বুলিও জানিব পৰা গৈছে। চফিকৰ সৈতে জড়িত থকা আন কেইবাজনো লোক জড়িত থকাৰ বিষয়ে বিশেষ সূত্ৰে জানিব পৰা গৈছে।