Local, Vocal, Global

WATCH | Moran News : মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমি অধিগ্ৰহনৰ প্ৰস্তুতি চৰাইদেউ জিলা প্ৰশাসনৰ

মৰাণ,১৫মে’ : চৰাইদেউ জিলাৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমিত চকু চৰাইদেউ জিলা প্ৰশাসনৰ ৷ মাহমৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় স্থাপনৰ বাবে লাগে মহাবিদ্যালয়ৰ ভূমি ৷

প্ৰশাসনৰ কাণ্ডত স্তম্ভিত মৰাণৰ শৈক্ষিক সমাজ, বিভিন্ন দল-সংগঠন ৷ ২০০৫ বৰ্ষত চৰাইদেউ জিলা প্ৰশাসনে মহকুমা ভূমি উপদেষ্টা সমিতিৰ অনুমতি সাপেক্ষে মৰাণ মহিলা মহাবিদ্যালয়ৰ বাবে মৰাণৰ বৰডবা মাউট গাঁৱত ১০ বিঘা মাটি আৱন্টন দিছিল ৷ ইয়াৰে ২ বিঘা মাটি ইতিমধ্যেই ২০২৩ বৰ্ষত স্থানীয় প্ৰশাসনে দখল কৰি অমৃত সৰোবৰ খনন কৰে ৷ বাকী থকা ৮ বিঘা মাটি মাহমৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় স্থাপনৰ বাবে অধিগ্ৰহনৰ কৰিবলৈ যো-জা চলোৱাত মৰাণত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Moran News)৷

উক্ত ভূমিত ইতিমধ্যেই মৰাণ মহিলা মহাবিদ্যালয় কৰ্তৃপক্ষই স্কীল চেন্টাৰ আৰু চাইন্স কেম্পাচৰ আন্তগাঁঠনিৰ কাম চলাই আছে ৷ ইয়াৰ পাছতো আৱন্টিত ভূমিখিনি এৰি দিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰাত হতভম্ব হৈ পৰিছে মৰাণৰ বৌদ্ধিক মহল ৷

এই সন্দৰ্ভত মৰাণ মহিলা মহাবিদ্যালয়ত আজি এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ মৰাণৰ নাগৰিক সমাজ, আছু, আছাকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থকা এই সভাত কোনো কাৰণতে মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমি এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷

সভাত জেষ্ঠ সমাজকৰ্মী হেম বৰাক সভাপতি, জেষ্ঠ সাংবাদিক যদুনাথ পুৰী আৰু আছাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন ওৰাঙক যুটীয়া সম্পাদক হিচাপে লৈ মৰাণ মহিলা মহাবিদ্যালয় ভূমি সংৰক্ষণ সমিতি নামেৰে এখন সমিতি গঠন কৰা হয় ৷

এই সমিতিয়ে মহাবিদ্যালয়খনৰ ভূমি সংৰক্ষণৰ লগতে মাহমৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় অন্য স্থানত স্থাপনৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :WATCH | Triranga Jatra : পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল চিলাপথাৰৰ ৰাজপথ