Local, Vocal, Global

WATCH | Moran News : মৰাণত গ্ৰামাঞ্চলৰ উন্নয়ণৰ প্ৰকৃত ছবি

মৰাণ,১০এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে ব্যাপক তৎপৰতা ৷ কিন্তু যোৱাটো কাৰ্যকালত পঞ্চায়তৰ বিভিন্ন উন্নয়ণমূলক আঁচনিৰ সুফল লাভ কৰিলেনে গ্ৰামাঞ্চলৰ ৰাইজে ?

এই দৃশ্য মৰাণৰ ডিমৌ কিনাৰ বঙালী গাঁৱৰ ৷ পূৰ্ৱৰ মৰাণ সমষ্টি তথা নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত নাহৰণি গাঁও পঞ্চায়তৰ এই গাঁওখনত পঞ্চায়তৰ বিভিন্ন উন্নয়ণ আঁচনিসমূহৰ ৰূপায়নৰ পৰিৱৰ্তে চলিল লুণ্ঠন ৷ লুকুমাইৰ পৰা ডিমৌকিনাৰ বঙালী গাঁৱলৈ মূল পথচোৱাৰ নহ’ল কোনো উন্নয়ণ ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ অধিকাংশ গৃহই ৰ’ল অৰ্দ্ধনিৰ্মিত হৈ ৷ স্থানীয় ৰাইজৰ অভিযোগ অৰুনোদয় আঁচনি প্ৰদান, বানপীড়িতক সাহাৰ্য প্ৰদান, জৱকাৰ্ডৰ হাজিৰা প্ৰদানৰ নামটো গাঁওখনত চলিল পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি-অনিয়ম ৷ সেয়ে গাঁৱৰ ৰাইজৰ স্পষ্ট দাবী উন্নয়ণৰ নামত দূৰ্নীতি-অনিয়ম মানি লোৱা নহ’ব ৷ আগন্তক পঞ্চায়ত নিৰ্বাচনত ৰাইজে এগৰাকী সুদক্ষ পঞ্চায়ত প্ৰতিনিধিক বিচাৰে যিগৰাকীয়ে গাঁৱৰ প্ৰকৃত সমস্য সমাধানত গুৰুত্ব প্ৰদান কৰিব(Moran News) ৷

লগতে পঢ়ক : WATCH | Gelake News : গেলেকী প্ৰেছ ক্লাৱৰ মাহেকীয়া সম্বৰ্ধনা অনুষ্ঠান