WATCH | Moran News : মৰাণত পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লাইখুটা স্থাপন

মৰাণ,৯মাৰ্চ : মৰাণত পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লাইখুটা স্থাপন। অহা ২৩, ২৪, ২৫ আৰু ২৬ মাৰ্চত মৰাণত অনুষ্ঠিত হ’ব পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু ৷
মৰাণ ঊষাপুৰত অৱস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া পৰম্পৰাগত তৰাচিঙা বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছে উদযাপন সমিতিয়ে ৷
আজি পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয় ৷ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি যুৱ সমাৰোহ, সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা, পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ তদুপৰি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও বিশেষ কাৰ্যসূচী গ্ৰহন কৰা হৈছে বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে(Moran News)৷
লগতে পঢ়ক :WATCH | One Women Arrested With Drugs : ডবকা আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী