Moran News: মহিলাৰ প্ৰৱঞ্চনাৰ বলি মৰাণৰ একাংশ মহিলা
মৰাণ,১৯ডিচেম্বৰ : এগৰাকী মহিলাৰ প্ৰৱঞ্চনাৰ বলি হৈ আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে মৰাণৰ একাংশ মহিলা ৷
মৰাণৰ বেজৰচুক বঙালী গাঁৱৰ নিবাসী, আৰক্ষীৰ কনিষ্টবল অতনু গগৈৰ পত্নী বৰ্ণালী গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ বৰ্ণালী গগৈয়ে একে গাঁৱৰে বহু মহিলাৰ পৰা ২০১৯ আৰু ২০২০ বৰ্ষৰ বিভিন্ন সময়ত নানান চল-চাতুৰি, প্ৰলোভন, চিকিৎসাৰ অজুহাত, ঘৰুৱা অসুবিধা আদি দেখুৱাই পাঁচ লক্ষাধিক টকা ধাৰত লয় ৷
পাঁচ-ছয়মাহৰ ভিতৰত উক্ত টকাসমূহ ঘূৰাই দিব বুলি প্ৰত্যেকক প্ৰতিশ্ৰুতিও দিয়ে বৰ্ণালী গগৈ নামৰ মহিলাগৰাকীয়ে ৷ কিন্তু সময় যোৱাৰ লগে লগে টকা ঘূৰাই দিয়াৰ পৰিৱৰ্তে মহিলাসকলক নানান মিছা কথা, ভয়-ভাবুকি প্ৰদৰ্শন কৰি সমূদায় টকা আত্মসাৎ কৰে ৷ ভূক্তভোগী ৮ গৰাকী মহিলাই ২০২২ চনত বৰ্ণালী গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতে টকা ঘূৰাই দিম বুলি চুক্তিবদ্ধ হৈছিল যদিও আজি পৰ্যন্ত টকা ঘূৰাই নাপালে মহিলাসকলে(Moran News)৷
বৰ্তমান গাঁওখনৰ ৯ গৰাকী মহিলাৰ সৰ্ব্বমুঠ ৫ লাখ ৪০ হাজাৰ টকা আত্মসাৎ কৰি ৰাখিছে বৰ্ণালী গগৈয়ে ৷ পাবলগীয়া টকা বিচাৰি যোৱা মহিলাসকলক নানা গালিগালাজ কৰাৰ উপৰিও শাৰীৰিকভাৱে অপদষ্ট কৰাৰ অভিযোগ কৰিছে মহিলাসকলে ৷ ভূক্তভোগী মহিলাসকলে পুণৰ মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে উক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক :Nalbari Protest:বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যুক লৈ উত্তেজনা