Local, Vocal, Global

Moral Policing in Rupohihat : ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা

ৰূপহীহাট, ১৯ডিচেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা । ৰাজ্যত প্ৰায় মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈ আছে । বিগত সময়ত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰেল পুলিচিঙৰ ঘটনাৰ খবৰ লাভ কৰিছো ।
পুনৰ ৰাজ্যত সংঘটিত হৈছে আন এক মৰেল পুলিচিঙৰ ঘটনা(Moral Policing in Rupohihat ) ।

এইবাৰ ৰূপহীহাটৰ কাঞ্চনপুৰত সংঘটিত হৈছে এক অমানৱীয় মৰেল পুলিচিঙৰ ঘটনা ।

দুখন বাইক মুখামুখি সংঘৰ্ষক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এজন বাইক আৰোহীক গছত বান্ধি মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ।

উল্লেখ্য যে, ৰূপহীহাটৰ কাঞ্চনপুৰ গাঁৱত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষত দুজন বাইক আৰোহী আঘাতপ্ৰাপ্ত হয়। কিন্তু বাইক দুৰ্ঘটনাত আহত ব্যক্তি দুগৰাকীক স্থানীয় ৰাইজে সহায় কৰাৰ বিপৰীতে ইয়াৰে এজনক স্থানীয় লোকে গছত বান্ধি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে(Moral Policing in State)।

জানিব পৰা মতে, কাঞ্চনপুৰত হেমকান্ত মাষ্টৰৰ ঘৰৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনাটো । দুৰ্ঘটনাত আহত যুৱক দুজনক হেমকান্ত মাষ্টৰৰ নেতৃত্বত কেইজনমান লোকে গছত বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে অসুস্থ হয় মুক্তাৰ হুছেইন নামৰ লোকজন আৰু সংকটজনক অৱস্থাত চিকিৎসায়লৈ প্ৰেৰণ কৰে (Rupohihat moral policing case) ।

ঘটনা অনুসৰি দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উক্ত বাইক দুৰ্ঘটনাৰ দোষী বুলি দাবী কৰি বাইক আৰোহী মুক্তাৰ হুছেইনক ৰাইজে প্ৰথমে গছত বান্ধি প্ৰহাৰ কৰে, কিন্তু পিছত মুক্তাৰৰ অৱস্থা সংকটজনক হোৱাত তেওঁক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও মুক্তাৰক অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেল থানালৈ লৈ যায়।

লগতে পঢ়ক : I.N.D.I.A Bloc 4th Meeting Today : মঙলবাৰে দিল্লীত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁট I.N.D.I.A চতুৰ্থখন বৈঠক