Moral Policing in Nagaon:ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা

নগাঁও,২৩অক্টোবৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা (Moral Policing in State)। এইবাৰ ধিঙত মৰেল পুলিচিঙৰ ঘটনা।
এজন মৎস্য ব্যৱসায়ীক চোৰৰ সন্দেহত গণপ্ৰহাৰ।ভুক্তভোগী মৎস্য ব্যৱসায়ীজন মজিবুৰ ৰহমান।
মঙলবাৰে নিশা ধিঙৰ বেছামাৰীত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ধিং আৰক্ষীয়ে উদ্ধাৰ কৰি আনে মৎস্য ব্যৱসায়ী জনক।
একাংশ লোকৰ উপৰ্যপৰী আক্ৰমণত মূৰত আঘাত পাই মৎস্য ব্যৱসায়ী মজিবুৰ ৰহমান(Moral Policing in Nagaon)।
বৰ্তমান নগাঁৱত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে মজিবুৰ ৰহমান।
ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, এই ঘটনাত স্থানীয় কেইজনমান শিক্ষকৰ উচটনিত সংঘটিত হয়।
বৰ্তমান ঘটনা সন্দৰ্ভত আহোমগাওঁ উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
মৎস্য ব্যৱসায়ী জনৰ ন্যায় প্ৰদানৰ দাবী স্থানীয় লোকৰ।