Local, Vocal, Global

Montu Kamal Baruah passes away : সকলোৰে পৰিচিত শিল্পী মণ্টু কমল বৰুৱাৰ দেহাৱসান

নিউজ ডেস্ক,১২মে’ : সকলোৰে পৰিচিত শিল্পী মণ্টু কমল বৰুৱাৰ দেহাৱসান । ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃখবৰ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতা গৰাকীয়ে। ১২ বছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল অভিনেতা মণ্টু কমল বৰুৱা।

উল্লেখ্য যে, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত নাট্যাভিনয় আৰম্ভ কৰিছিল মণ্টু কমল বৰুৱা। আজীৱন নাটকত অভিনয় কৰি গৈছিল মণ্টু কমল বৰুৱাই। এটা বৰ্ষত থিয়েটাৰ ভাগ্যদেৱীত মুখ্য চৰিত্ৰতো অভিনয় কৰিছিল মণ্টু কমল বৰুৱাই।বহু অসমীয়া বোলছবি আৰু অসমীয়া এলবামত অভিনয় কৰিছিল মণ্টু কমল বৰুৱাই। ৫৬ বছৰ বয়সত কৰুণ মৃত্যুক সাৱটিলে সু-অভিনেতাগৰাকীয়ে(Montu Kamal Baruah passes away)।

লগতে পঢ়ক : World Bank provides USD 125 mn in emergency support to flood hit Brazil : বানত বিধ্বস্ত ৰিঅ’ গ্ৰেণ্ডডো ছুল ৰাজ্যক বিশ্ব বেংকৰ সাহায্য