Local, Vocal, Global

Monjit Hazarika elected joint secretary of Unified Karate Association : ইউনিফাইড কাৰাটে সন্থাৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত মনজিৎ হাজৰিকা

নিউজ ডেস্ক,১০ছেপ্তেম্বৰ : ইউনিফাইড কাৰাটে সন্থাৰ সাধাৰণ সভা আৰু নিৰ্বাচনত তিতাবৰ জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক তথা মুখ্য প্ৰশিক্ষণ মনজিৎ হাজৰিকাই বিনা প্ৰতিদ্বন্দ্বীতাৰে যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়। উল্লেখ্য যে তিতাবৰৰ মনজিৎ হাজৰিকা পুৰ্বেতেও দুটাকৈ কাৰ্যকাল উ’কাৰ যুটীয়া সম্পাদক হিচাপে আছিল(Monjit Hazarika elected joint secretary of Unified Karate Association)।

এই নিৰ্বাচনত ৰাজ্যৰ ১৯খন উ’কাৰ স্থায়ী জিলা সন্থাৰ প্ৰতিনিধিয়ে উ’কাৰ বিভিন্ন পদত মনোনয়ন দাখিল কৰিছিল। সভাপতি হিচাপে নিৰ্বাচত হয় লক্ষীমপুৰ জিলা কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু সম্পাদক হিচাপে নিৰ্বাচিত হয় কাৰাটে সন্থা কামৰূপ মেট্ৰৰ সভাপতি নগেন বংজাঙ।

ইউনিফাইড কাৰাটে সন্থাৰ যুটীয়া সম্পাদক হিচাপে তিতাবৰৰ মনজিৎ হাজৰিকা নিৰ্বাচিত হোৱা তিতাবৰ জিলা কাৰাটে সন্থাৰ সভাপতি কুমুদ চন্দ্ৰ কছাৰীৰ লগতে সমুহ বিষয়ববীয়া আৰু তিতাবৰৰ ক্ৰীড়া প্ৰেমী ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে।

লগতে পঢ়ক : জামুগুৰিহাটত নিশা উত্তপ্ত পৰিস্থিতি; অনৈতিক কৰ্মত জড়িত যুৱকক ৰাইজৰ উত্তম মাধ্যম