Money Shower in Mumbais Streets : ৰাজপথত ২০০০ টকীয়া গুলপীয়া নোট

নেশ্যনেল ডেস্ক, ৭অক্টোবৰ : বতাহত উৰিছে ২০০০ টকীয়া গুলপীয়া নোট । বিমুদ্ৰকৰণৰ ফলত দেশলৈ আহিছিল গুলপীয়া নোট । হঠাতে বজাৰৰ পৰা নোহোৱা হৈছিল ২০০০ টকীয়া নোটবোৰ । কিন্তু ক’ত অন্তর্ধান হৈছিল ২০০০ টকীয়া নোটবোৰ । শেহতীয়াকৈ খবৰ আহিছিল বন্ধ হ’ব ২০০০ টকীয়া নোট । তাৰ লগতে সামজিক মাধ্যমত ভাইৰেল হ’ল আন এক দৃশ্য(Flipkart’s Truck Accidentally Unleashes a Money Shower in Mumbai’s Streets) ।
বতাহত উৰিছে গুলপীয়া নোট । গুলপীয়া নোট দেখি হাহাকাৰ জনতাৰ মাজত । এই ঘটনা মুম্বাইৰ । মুম্বাই গে’টৱেৰ ৰাজপথ সংঘটিত হৈছে এই আশ্চৰ্যকৰ ঘটনাটো(Money Shower in Mumbais Streets) ।
এখন ট্ৰাকে লৈ আহিছিল খমখমীয়া ২০০০ টকাৰ বান্দোল । কিন্তু ৰাজপথত বিকল হৈ পৰিল নগদ ধনভৰ্তি ট্ৰাকখন । তাৰ পিছতে বতাহত উৰিবলৈ আৰম্ভ কৰে ২০০০ টকীয়া নোটবোৰ ।
এক যেন ছবিৰ দৃশ্য হে । কোনো ছবিৰ দৃশ্যৰ দৰে নোটবোৰ বতাহত নাচি আছে । এই দৃশ্য দেখি স্তম্ভিত হৈ পৰিছে ওচৰ-পাজৰৰ লোকসকল । অপ্ৰত্যাশিত আনন্দত মতলীয়া হৈ পৰে লোকসকল । চহৰখনৰ ৰাজপথত হঠাতে হোৱা নোটৰ বৰষুণত স্বাভাৱিক গতি স্থবিৰ হৈ পৰে আৰু তাৰ পৰিৱৰ্তে উত্তেজনা আৰু বিস্ময়ৰ পৰিৱেশৰ সৃষ্টি হয়(Flipkart’s truck accidentally opened and showered notes on the streets of Mumbai) ।
প্ৰকাশিত এক ভিডিঅ’ অনুসৰি , বতাহত থকা গুলপীয়া নোটবোৰ দৰ্শকসকলে ধৰিবলৈ হাহাকাৰ কৰে । যাৰ বাবে সকলোৱে অপ্ৰত্যাশিতভাৱে নিজৰ কাম-কাজ এৰি নোটৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে ।জনসাধাৰণৰ মাজত বিয়পি পৰা এই আনন্দৰ ঢৌৱে চহৰখনৰ ব্যস্ততাপূৰ্ণ গতিৰ মাজতে সুখ আৰু আশ্চৰ্যৰ এক বিৰল দৃশ্য অংকিত কৰে ।
এই দৃশ্যৰ মাজতে উত্থাপন হয় বহু প্ৰশ্নৰ । এখন ফ্লিপকাৰ্টৰ ট্ৰাকে ইমান পৰিমাণৰ নগদ ধন কিয় ভৰোৱা হৈছিল ?এই ধন লৈ ক’ত গৈ আছিল ট্ৰাকখনে ।
ইতিমধ্যে ট্ৰাকখনৰ এই ভিডিঅ’ ইনষ্টাগ্ৰাম আৰু টুইটাৰত ভাইৰেল হৈ পৰিছে । তাত মানুহে ফ্লিপকাৰ্টক প্ৰশ্ন কৰিছে যে প্ৰকৃততে কি হৈছিল আৰু আন কিছু ইউজাৰে প্ৰশ্ন কৰিছে যে তেওঁলোকে পৰৱৰ্তী ট্ৰাকখন ক’ত পাব পাৰে । এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি ফ্লিপকাৰ্টৰ ওচৰলৈও যোৱা হয় । অৱশ্যে ঘটনা সন্দৰ্ভত কোনো স্পষ্ট সঁহাৰি লাভ কৰা হোৱা নাই আৰু তাৰ বাবে অপেক্ষা কৰা হৈছে ।