Local, Vocal, Global

WATCH | Moirabari News : মৈৰাবাৰীত “অগ্নি সেৱা সপ্তাহ” উদযাপন

মৈৰাবাৰী,১৫এপ্ৰিল : মৈৰাবাৰীত এয়া কি হৈছে! এজন এজনকৈ শাৰি পাতি পৰি আছে হস্পিতালৰ বিচনাত। তেজেৰে লুতুৰী পুতুৰী অৱস্থা বহু লোকৰ। কোনোবা যদি অগ্নিকাণ্ডত পুৰিছে কোনোবা আকৌ ভূমিকম্পত আঘাতপ্ৰাপ্ত হৈছে(Moirabari News)।

লগে লগে মৈৰাবাৰী অগ্নিনিৰ্বাপক বাহিনীৰ লোক, SDRF, আপদা মিত্ৰৰ লোক সৰৱ হৈ উদ্ধাৰ অভিযান চলাইছে।

পিছে এয়া এক সজাগতামূলক নাটকহে আছিল।

অগ্নি সুৰক্ষিত ভাৰতবৰ্ষক প্রজ্জলিত কৰিবলৈ ১৪ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ আৰম্ভ হৈছে “অগ্নি সেৱা সপ্তাহ” উদযাপন।

অগ্নি সেৱা সপ্তাহৰ লগত সংগতি ৰাখি আজি মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত এখনি সজাগতামূলক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

মৈৰাবাৰী অগ্নি আৰু আপাতকালীন সেৱা আস্থানৰ উদ্যোগত আৰু মৈৰাবাৰী চিকিৎসালয়,মৰিগাঁও অগ্নি সেৱা, ভূৰাগাওঁ অগ্নি সেৱাৰ সহযোগত উক্ত সজাগতামূলক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক : WATCH | Mushalpur News : পহিলা ব’হাগতে বাক্সাৰ পলাশগুৰিত মঞ্চ নিৰ্মাণৰ শিলান্যাস