Local, Vocal, Global

WATCH | Moirabari News : মৈৰাবাৰীত গ্ৰেপ্তাৰ কুখ্যাত বাইক চোৰ

মৈৰাবাৰী,১৫জুন : মৈৰাবাৰীত গ্ৰেপ্তাৰ কুখ্যাত বাইক চোৰ।

ধৃত চোৰটোৰ নাম দুলাল উদ্দীন, ঘৰ মৈৰাবাৰীৰ সুতাৰগাৱঁত বুলি জানিব পৰা গৈছে ।

ধৃত দুলাল উদ্দীনৰ পৰা উদ্ধাৰ ঢেকিয়াজুলিৰ এখন চুৰি হোৱা মটৰচাইকেল(Moirabari News)।

কুখ্যাত চোৰটোৱে বিভিন্ন প্ৰান্তৰ পৰা চুৰি মটৰচাইকেল ব্ৰক্ষ্মপুত্ৰৰ নদীয়ে নাওঁৰ সহায়ত মৈৰাবাৰীলৈ আনি অজ্ঞাত নম্বৰ প্লেট ব্যৱহাৰ কৰি বিক্ৰী কৰে।

মৈৰাবাৰী আৰক্ষীয়ে গোপন খৱৰৰ ভিত্তিত চলোৱা অভিযানত ধৃত চোৰটোক দৌৰাই দৌৰাই ধিঙৰ গায়ন গাঁৱৰ পৰা চুৰি মটৰচাইকেল সহ আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS012 Z0323।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : বহিঃৰাজ্যৰ পৰা RSSৰ নেতাই অসমক প্ৰদুষিত কৰিব বিচাৰিছে নেকি ?