Mohan Yadav takes oath as Madhya Pradesh CM : বহু জল্পনা-কল্পনাৰ অন্তত মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’লে মোহন যাদৱে
নেশ্যনেল ডেস্ক, ১৩ডিচেম্বৰ : বহু জল্পনা-কল্পনাৰ অন্তত আজি মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে মোহন যাদৱে । তেওঁক ভূপালৰ লাল পেৰেড গ্ৰাউণ্ডত ৰাজ্যপাল মংগুভাই চি পেটেলে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ কৰায়(Mohan Yadav takes oath as Madhya Pradesh CM) ।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল(Mohan Yadav takes oath as Madhya Pradesh CM) ।
ইফালে ৰাজ্যখনত দুগৰাকী উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেৱদা মনোনীত কৰা হয় আৰু শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ পূৰ্বে যাদৱে ভূপালৰ এটা মন্দিৰ পৰিদৰ্শন কৰে । শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে আদিৰ লগতে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰসকলো উপস্থিত থাকে । অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টীৰ বহুসংখ্যক কৰ্মী, বিশেষকৈ যাদৱৰ গৃহভূমি উজ্জয়িনীৰ পৰা অহা কৰ্মীসকল উপস্থিত থাকে(Mohan Yadav takes oath as MP CM in presence of PM Modi) ।
অনুষ্ঠানত উপস্থিত থকা আনসকলৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক জনতাক উদ্দেশ্যি হাত জোকাৰি থকা দেখা যায় ।
উল্লেখ্য যে দলটোৰ বিজয়ৰ কৃতিত্ব লাভ কৰা চৌহানে এইবাৰ ৰাজ্যখনক নেতৃত্ব দিয়াৰ দায়িত্ব লাভ নকৰিলে । তেওঁ মুখ্যমন্ত্ৰী হ’লে অভিলেখ সংখ্যক পঞ্চমটো কাৰ্যকাল হ’লহেঁতেন ।
কিন্তু ইয়াৰ বিপৰীতে গেৰুৱা দলটোৱে যাদৱক প্ৰথম পচন্দ হিচাপে বাছনি কৰে । দলৰ হাইকমাণ্ডৰ নিৰ্দেশনা অনুসৰি চৌহান চৰকাৰৰ দিনত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা যাদৱক সোমবাৰে এক বৈঠকত সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়(Mohan Yadav takes oath as Madhya Pradesh CM) ।
লগতে পঢ়ক : Maoist Attack In Chhattisgarh : ছত্তীশগড়ত শপত গ্ৰহণৰ পূৰ্বে IED ৰ বিস্ফোৰণ; শ্বহীদ সেনা জোৱান