Local, Vocal, Global

ৰাজধানী দিল্লীৰ বিভিন্ন স্থানত ওলমিছে ‘মোদী হাটাও,দেশ বচাও’পোষ্টৰ…

ডিজিটেল ডেস্ক:- ৰাজধানী দিল্লীৰ বিভিন্ন স্থানত ওলমিছে ‘মোদী হাটাও,দেশ বচাও’পোষ্টৰ।জানিব পৰা মতে, প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ বিৰোধিতা কৰি দিল্লীৰ বিভিন্ন অঞ্চলৰ দেৱাল আৰু লাইট পোষ্টত এনেধৰণৰ পোষ্টাৰ লগোৱা হৈছে।পোষ্টাৰ সমূহত ‘মোদী হাটাও,দেশ বচাও’ বুলি লিখা আছে।

দিল্লীৰ আৰক্ষীৰ বিশেষ আয়ুক্ত দীপেন্দ্ৰ পাঠকে কয় যে আম আদমী পাৰ্টিৰ কাৰ্যালয়ৈ যোৱা এখন ভানৰ পৰা কমেও ২,০০০ খন পোষ্টাৰ উদ্ধাৰ কৰা হৈছে।ভান চালকজনে দাবী কৰিছিল যে তেওঁক পোষ্টাৰবোৰ আপৰ কাৰ্যালয়লৈ নিবলৈ কোৱা হৈছিল।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এখন ৰাষ্ট্ৰীয় বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত কৈছিল যে তেওঁলোকে আইপি ইষ্টেটৰ ডিডিইউ মাৰ্গৰ এএপি কাৰ্যালয়ৰ পৰা ওলাই অহা এখন ভান ৰখাই এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক পিছত প্ৰশ্ন কৰা হ’লে, তেওঁ স্বীকাৰ কৰে যে তেওঁৰ মালিকে তেওঁক পোষ্টাৰবোৰ আপৰ মুখ্য কাৰ্যালয়লৈ পৰিবহন কৰিবলৈ নিৰ্দেশ দিছিল আৰু আগদিনা তেওঁ ইতিমধ্যে এনে কৰিছিল।ইয়াৰ পৰা আৰক্ষীয়ে অনুমান কৰিছে যে পোষ্টাৰসমূহ লগোৱা আঁৰত কেজৰিৱাল চৰকাৰৰ হাত থাকিব পাৰে।

এতিয়ালৈ দিল্লীৰ আৰক্ষীয়ে ছয়জন লোকক আটক কৰিছে।আৰক্ষীয়ে জনোৱা অনুসৰি, দুটা প্ৰিণ্টিং প্ৰেছে ইয়াৰে ৫০,০০০ খন পোষ্টাৰৰ বাবে অৰ্ডাৰ লাভ কৰিছিল।পোষ্টাৰসমূহ ছপোৱা প্ৰিন্টিং প্ৰেছৰ গৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে।