Model Dies During Ramp Walk In Fashion Show : ফেশ্বন শ্ব’ত ৰেম্প ৱাকৰ সময়ত মডেলৰ মৃত্যু

নেশ্যনেল ডেস্ক, ১২ জুন : ‘ফেশ্বন শ্ব’ত ৰেম্প ৱাক কৰি থকাৰ সময়তে এগৰাকী ২৪ বছৰীয়া মডেলৰ মৃত্যু হোৱাৰ লগতে এজন লোক আহত হয় (Model Dies) । মৃত্যু হোৱা মডেলাৰ গৰাকীৰ নাম বংশিকা চোপ্ৰা বুলি জানিব পৰা গৈছে ।
ঘটনা অনুসৰি, দেওবাৰে নয়ডাৰ ফিল্ম চিটি অঞ্চলৰ এটা ষ্টুডিঅ’ত ফেশ্বন শ্ব’ৰ সময়ত ৰেম্পত খোজ কাঢ়ি থকাৰ সময়ত দুজন লোকৰ ওপৰত লাইটিং ট্ৰাছ (লোহাৰ খুঁটা) পৰি যোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় (Laxmi Studio in Noida) । ফলত ববি ৰাজ নামৰ এজন লোক আহত হয় । আনহাতে বংশিকা চোপ্ৰা থিতাতে মৃত্যু হয় ।
খবৰ অনুসৰি আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আহত লোকজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যায় । দুয়োজনে ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰিছিল । নয়দাৰ ছেক্টৰ ১৬ এৰ ফিল্ম চিটিৰ লক্ষ্মী ছুডিঅ’ত সংঘটিত হৈছে এই ঘটনা ।
শ্ব’টোৰ প্ৰমোটাৰ আৰু লাইটিং ট্ৰাছ স্থাপন কৰা ব্যক্তিজনক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে । আৰক্ষীৰ মতে, তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
আৰক্ষীয়ে লগতে দুয়োজন ভুক্তভোগীৰ পৰিয়ালক ঘটনা সন্দৰ্ভত অৱগত কৰে ।
নয়ডাৰ অতিৰিক্ত উপ আয়ুক্ত আৰক্ষী (ADCP) শক্তি অৱস্থীয়ে কয় যে , ‘ফিল্ম চিটিৰ ষ্টুডিঅ’ত ফেশ্বন শ্ব’ৰ সময়ত ট্ৰাছ সৰি পৰাৰ বাবে বংশিকা চোপ্ৰাৰ মৃত্যু হয়। মৃতদেহৰ পঞ্চনামা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত আৰক্ষীয়ে ফেশ্বন শ্ব’ৰ আয়োজক আৰু লাইটিং কামত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।
আনহাতে আৰক্ষীয়ে জনোৱা অনুসৰি ফেশ্বন শ্ব’টো কোনো অনুমতি অবিহনে আয়োজন কৰা হৈছিল ।
এই ঘটনা পিছতেই নয়ডাৰ মডেলিং জগতখনত শোকৰ ছাঁ পেলাইছে । ঘটনা সন্দৰ্ভত পুংখানুপুংখভাৱে তদন্ত কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক : Illegal liquor : অবৈধ সুৰাৰ ব্যৱসায়েৰে গাঁ কৰি উঠিছে দ্বাৰাগাঁও