Local, Vocal, Global

WATCH | Mob Kills Tiger in Khumtai : জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গ’ল এটা ঢেঁকীয়াপতীয়া বাঘৰ

দেৰগাঁও,২২মে’ : বোকাখাতৰ দুসুঁতিমুখত ভয়ংকৰ ঘটনা। একাংশ লোকৰ আক্ৰমণত মৃত্যু ঢেঁকীয়াপতিয়া বাঘৰ। জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গ’ল এটা ঢেঁকীয়াপতীয়া বাঘৰ।

ঢেঁকীয়াপতীয়া বাঘৰ হত্যাৰ ঘটনাত জড়িত থকাৰ সন্দেহত এজন কিশোৰক আটক দেৰগাঁও আৰক্ষীৰ। কিশোৰজন দুসুতিমুখ গাঁও পঞ্চায়তৰ তিনিঘৰীয়া বিজুলী চুক গাঁৱৰ খগেন দলেৰ ১৬ বছৰীয়া পুত্ৰ পানীকা দলে।

এক ভিডিঅ’ৰ সহায়ত আৰক্ষী আৰু বনবিভাগে আটক কৰে কিশোৰজনক। কিশোৰজনে বাঘটোৰ ভৰিৰ এটা অংশ কাটি নিয়া বুলি অভিযোগ উঠিছে।
আৰক্ষী আৰু বনবিভাগে কিশোৰজনক সোধ পোছৰ বাবে আটক কৰি দেৰগাঁও আৰক্ষী থানালৈ লৈ যায়(Mob Kills Tiger in Khumtai)।

বনবিভাগ আৰু দেৰগাঁও আৰক্ষীয়ে বাঘ নিধন কৰা সন্দেহত যুৱক জনক দেৰগাঁও আৰক্ষী থানাত আবদ্ধ কৰি ৰাখে। ফলত অঞ্চলবাসী ৰাইজে দেৰগাঁও থানাত ভিৰ কৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক : WATCH | Doom Dooma News : দুলীয়াজানৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য বীৰ লাচিত সেনাৰ নেতৃত্বৰ