বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ ভাতৃৰ অগপত যোগদান
নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : আজি বঙাইগাঁও জিলাৰ মাণিকপুৰ অৰ্ধসাপ্তাহিক বজাৰগৃহত অসম গণ পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
বৰ্তমানৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ কাম-কাজত ক্ষোভিত হৈ অগপত যোগদান কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাণিকপুৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সম্পাদক আনোৱাৰ হুচেইন খণ্ডকাৰে বহু কৰ্মীসহ অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।
৩৪নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ভাতৃ আনোৱাৰ হুচেইন খণ্ডকাৰে অগপৰ জেষ্ঠ নেতা তথা প্ৰাক্তন যোগান মন্ত্ৰী, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ফণীভূষন চৌধৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, উত্তৰ অভয়াপুৰী বিধান পৰিষদৰ বিষয়-ববীয়াসকলৰ উপৰিও দলীয় নেতা-কৰ্মী উপস্থিত থাকে। ন
তুনকৈ যোগদান কৰা নেতা-কৰ্মীসকলো গামোচা আদৰণি জনাই ফণীভূষণ চৌধুৰী আৰু ভূপেন ৰায়ে।