Local, Vocal, Global

Mizoram Police and Assam Rifles Seized Heroin : মিজোৰামত জব্দ বুজন পৰিমাণৰ হেৰ’ইন, জিলেটিন, ডিটনেটৰ আৰু বহু বিস্ফোৰক সামগ্ৰী

নিউজ ডেস্ক, ১৯মাৰ্চ : পুনৰ চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।

সোমবাৰে চুবুৰীয়া ৰাজ্য মিজোৰামত মিজো আৰক্ষী আৰু অসম ৰাইফলছে যুটীয় অভিযান চলাই । ৰাজ্যখনৰ পৃথক পৃথক অঞ্চলত অভিযান চলাই মিজো আৰক্ষী আৰু অসম ৰাইফলছে । অভিযানত আৰক্ষীয়ে জব্দ কৰে হেৰ’ইন, জিলেটিন, ডিটনেটৰ আৰু বহু বিস্ফোৰক সামগ্ৰী(Mizoram Police and Assam Rifles Seized Heroin, Geletin
Sticks And Detonators)।

মিজো আৰক্ষীয়ে সদৰি কৰা অনুসৰি , গোপন তথ্যৰ ভিত্তিত ম্যানমাৰৰ পৰা চাম্পাই জোখোৱাথৰ অভিমুখী এখন টাটা পিকআপ বাহনত তালাচী চলাই জব্দ কৰে ১৯৮টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ। বাকচকেইটাৰ পৰা মুঠ ২.৩৯৩ কেজি হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ’ইনৰ মূল্য ৭১,৭৯,০০০ টকা। এই সংক্ৰান্তত বাহনখনৰ চালক লুংলেই চানমাৰিৰ বি.লিয়ানছাংগা, আৰু সহ চালক আৰ. মালছাম থাৰাক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে অসম ৰাইফলছ আৰু মিজো আৰক্ষীয়ে চলোৱা আন এক অভিযানত ১৪.০৮৪ কেজি ওজনৰ ১১০ ডাল জিলেটিন ষ্ট্ৰিক আৰু ১১০ডাল ডিটেনেটৰ জব্দ কৰে। জব্দ কৰা বিস্ফোৰকখিনি মিজোৰামৰ পৰা এখন স্কুটীৰে ম্যানমাৰলৈ নিয়াৰ সময়ত জব্দ কৰা হয়। বিষ্ফোৰক সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ম্যানমাৰৰ এহাল দম্পতিক গ্ৰেপ্তাৰ কৰে। ধৃত স্বামী-স্ত্ৰীৰ নাম ক্ৰমে বিয়াক্ৰেমা আৰু ৰামথা জুৱালি। দুয়োৰে ঘৰ ম্যানমাৰৰ চিন ৰাজ্যৰ টিয়াউ খোৱামাৱি গাঁৱত বুলি সদৰী কৰে মিজো আৰক্ষীয়ে(Mizoram Police and Assam Rifles Seized Heroin)।

লগতে পঢ়ক : Freight train derails at Barpeta Road : বৰপেটা ৰোডত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা