Local, Vocal, Global

Mizoram Assembly Election Result 2023: ৩ ডিচেম্বৰ সলনি ৪ ডিচেম্বৰত মিজোৰামৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা

নেশ্যনেল ডেস্ক , ২ নৱেম্বৰ : পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা । ৩ ডিচেম্বৰত পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা ।

৩ ডিচেম্বৰত তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । কিন্তু তাৰ মাজেত মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাৰ দিন সলনি কৰে । ৩ ডিচেম্বৰৰ পৰিৱৰ্তে ৪ ডিচেম্বৰত মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা(Counting of votes for Mizoram polls deferred to December 4) ।

নিৰ্বাচন আয়োগৰ এক বিজ্ঞপ্তি প্ৰকাশ কৰি জনাই যে, ভোটগণনাৰ তাৰিখ ৩ ডিচেম্বৰৰ সলনি ৪ ডিচেম্বৰ হ’ব।নিৰ্বাচন আয়োগে জনাই যে , ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচন আয়োগৰ ওচৰলৈ ভোটগণনাৰ দিন পৰিৱৰ্তন কৰাৰ বাবে আবেদন কৰা হৈছিল(Mizoram Assembly Election Results Moved From Sunday To Monday)।

উল্লেখ্য যে, মিজোৰামৰ বিভিন্ন চিভিল ছ’চাইটী আৰু ৰাজনৈতিক দলে মিজোৰামৰ ভোটগণনাৰ তাৰিখ সলনি কৰাৰ বাবে দাবী উত্থাপন কৰিছিল। সেই দাবীক মান্যতা প্ৰদান কৰি মিজোৰামত ভোটগণনাৰ দিন পৰিৱৰ্তন কৰিলে নিৰ্বাচন আয়োগে(Mizoram Assembly Election Result 2023)।

কেৱল মাত্ৰ মিজোৰামত ভোটগণনাৰ তাৰিখ পৰিৱৰ্তন কৰাৰ হৈছে বাকী চাৰি ৰাজ্যত ভোটগণনাৰ তাৰিখৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই। ৩ ডিচেম্বৰত ভোটগণনা হ’ব মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাত ।

জানিব পৰা মতে, এইবাৰ মিজোৰামত মুঠ ভোটাৰৰ সংখ্যা ৮.৫৭ লাখৰো অধিক। এইবাৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৭৪গৰাকী। মুঠ মহিলা প্ৰাৰ্থীৰ সংখ্যা ১৮ গৰাকী।

লগতে পঢ়ক : Telangana Assembly Elections : দিনৰ ১ বজালৈ সম্পূৰ্ণ ৩৬.৬৮ শতাংশ ভোটদান