Local, Vocal, Global

Mission Indradhanush : সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত মিশ্যন ইন্দ্ৰধনুষ ৫.০ আৰম্ভ

নিউজ ডেস্ক, ৬ আগষ্ট : সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত সৰ্বাত্মক মিশ্যন ইন্দ্ৰধনুষ ৫.০ কাৰ্যসূচী(Mission Indradhanush)। প্ৰতিষেধকৰ পৰা বঞ্চিত প্ৰতিগৰাকী গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ শিশুক প্ৰদান কৰা হব প্ৰতিষেধক ৷ সামূহিক প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে আৰম্ভ কৰিব এই বিশেষ অভিযান (Mission Indradhanush to start on August 7) ৷ জিলাখনত মুঠ ৪৯৫৮ গৰাকী হিতাধিকাৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে ৷ ইয়াৰে ৮৭৪ গৰাকী গৰ্ভৱতী মহিলা, ২৮৩৭ টি ০-২ বছৰ পৰ্যন্ত বয়সৰ শিশু আৰু ১২৪৭ টি ২-৫ বছৰ বয়সৰ শিশু ৷

এই কাৰ্যসূচীৰ বাবে জিলাখনত মুঠ ৩৫১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে । U-WIN এপযোগে প্ৰতিষেধক প্ৰদানৰ পঞ্জীয়ণ কৰিব জিলা প্ৰশাসনে ৷ মূলতঃ নিয়মীয়া প্ৰতিষেধক প্ৰদানৰ পৰা বাদ পৰি ৰোৱা শিশু আৰু গৰ্ভৱতী মহিলাৰ লগতে ৰুবেলাৰ প্ৰতিষেধকৰ পৰা বাদ পৰা শিশুকো এই অভিযানত সামৰি লোৱা হ’ব ৷

মুঠ ৩টা পৰ্যায়ত এই অভিযান চলোৱা হ’ব ৷ ইয়াৰে প্ৰথম পৰ্যায়টো ৭ -১২ আগষ্টলৈ চলিব ৷ দ্বিতীয় পৰ্যায়টো ১১-১৬ চেপ্টেম্বৰলৈ চলিব আৰু অন্তিম পৰ্যায়টো ৯-১৪ অক্টোবৰলৈ চলিব বুলি জনাইছে কামৰূপ মহানগৰ জিলা উপাযুক্ত কাৰ্য্যলয়ে ৷

উল্লেখ্য যে এই অভিযান সুকলমে চলাই নিয়াৰ বাবে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷ এই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বেনাৰ-পোষ্টাৰ লগোৱাৰ লগতে মাইকযোগেও প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিছে প্ৰশাসনে ৷ লগতে ঠায়ে ঠায়ে সজাগতা সভাও অনুষ্ঠিত কৰা হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : Amrit Bharat Station Scheme: আজি দেশৰ ৫০৮ টা ৰে’ল ষ্টেচনৰ উন্নিতকৰণৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ