Mission Basundhara 3.0: মুকলি হ’ল ভূমি সংস্কাৰৰ আঁচনি বসুন্ধৰা ৩.০
নিউজ ডেস্ক,২০অক্টোবৰ : মুকলি হ’ল ভূমি সংস্কাৰৰ আঁচনি বসুন্ধৰা ৩.০ । দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অন্যতম ভূমি সংস্কাৰৰ আঁচনি বসুন্ধৰা ৩.০ মুকলি ৷
দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনিখনৰ তৃতীয়টো সংস্কৰণ মুকলি কৰে(Mission Basundhara 3.0)৷
আঁচনিখন মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আজি আমাৰ বাবে এটি আনন্দৰ আৰু স্মৰণীয় দিন। সেই অনুসৰি ২০২১ চনৰ ১০ অক্টোবৰত সেই ব্যৱস্থা আমি আৰম্ভ কৰিছিলোঁ। আৰু ২০২২ চনৰ ১০ মে’ত আমি প্ৰথম সংস্কৰণৰ কাম সমাপ্ত কৰিছিলোঁ।’
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণিতে আমি টেকন’লজীৰ ডাঙৰ প্ৰয়োগ আমাৰ ৰাজহ বিভাগত সংলগ্ন কৰাৰ কথা চিন্তা কৰিছিলোঁ। মিছন বসুন্ধৰা ২.০ত চিলিংৰ সীমাবদ্ধতা জনজাতীয় লোকৰ ক্ষেত্ৰত ৫০ বিঘালৈ বৃদ্ধি কৰিছিলোঁ। কোনো এজন দালাল বা কোনো এজন মধ্যভোগীয়ে যাত কোনো মাটিত বসবাস কৰি নথকাকৈ টকাৰ বিনিময়ত মাটিৰ পট্টন দিব নোৱাৰে, তাৰ বাবে এক সীমা নিৰূপণ কৰি দিছিলোঁ। এই সীমা থকাৰ বাবেই খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত হৈছিল। মিছন বসুন্ধৰা ২.০ত ব্ৰহ্মপুত্ৰ উপত্যকাত ১২ লাখ ভূমি আবণ্টন দিব পাৰিছোঁ।’
লগতে পঢ়ক :Heated situation in Mayang : গৰু চুৰিক কেন্দ্ৰ কৰি মায়ঙৰ তেতেলিগুৰিত উত্তপ্ত পৰিস্থিতি