Missing Youth from Mayang Rescued : উদ্ধাৰ হল মৰিগাঁও জিলাৰ মায়ঙৰ নিৰুদ্দেশ যুৱক
নিউজ ডেস্ক,৩১জুলাই : অৱশেষত উদ্ধাৰ হল মৰিগাঁও জিলাৰ মায়ঙৰ গাগলমাৰী আশীঘৰৰ যুৱ ব্যৱসায়ী মিজানুৰ ৰহমান। বুধবাৰে পুৱাৰ ভাগত মায়ঙৰ গোভালীত এখন পথাৰত পানীৰ পৰা উদ্ধাৰ হয় যুৱকজন ।
পানীত পৰি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে যুৱকজনক ।যুৱকজন উদ্ধাৰ হোৱাৰ লগে লগে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় । আকক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ।
উল্লেখ্য যে বিগত এসপ্তাহ ধৰি যুৱক জন নিৰুদ্দেশ হৈ আছিল যুৱকজন। বালিমুখ নতুন বজাৰৰ কম্পিউটাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বতাধিকাৰ মিজানুৰ ৰহমানৰ। ৰহস্য জনক নিৰুদ্দেশ হয় । চাৰি খনকৈ গাড়ীৰ মালিক মিজানুৰ ৰহমানে প্ৰকৃততে আত্মগোপন কৰি আছিল নে কোনোবাই অপহৰণ কৰি পনবন্দী কৰি ৰাখিছিল সেয়া ৰহস্য জনক।
পৰিয়ালৰ লোকে জাগীৰোড থানাত দাখিল কৰা এজাহাৰ মতে, ২৫ জুলাইৰ নিশা ৯ মান বজাত মৰিগাঁৱৰ পৰা ঝাৰগাঁও হৈ ঘৰলৈ বুলি এখন অচিনাকী লোকৰ বাহনত আহি থাকোতেই নিখোজ হৈ পৰে। নিশা ঘৰ গৈ পলম হোৱা দেখি পৰিয়ালৰ লোকে পুনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মিজানুৰ ৰ সতে সংযোগ স্থাপন কৰাত ব্যৰ্থ হয়।কিন্তু তাৰ কিছু সময়ৰ পিছত মিজানুৰৰ এটা হেণ্ড বেগ আৰু মবাইল ফোন উদ্ধাৰ হয় জাগীৰোড থানাৰ অন্তৰ্গত কদমতলী দলঙৰ কাষত।হুৱাদুৱা লাগে চাৰিওফালে(Missing Youth from Mayang Rescued)।
তাৰ পিছতেই গোটেই নিশা বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ নাপালে।চিন্তাত ভাৰাক্ৰান্ত হৈ পৰা পৰিয়ালৰ মাজত হাহাকাৰ লাগে।উপায়ন্তৰ হৈ জাগীৰোড আৰু মায়ং থানাতো এজাহাৰ দাখিল কৰে।আৰক্ষীৰ তদন্ত অভিযান চলি থকাৰ মাজতেই নিৰুদ্দেশ হৈ থকাৰ ১৮ ঘন্টা পিছত নাটকীয় ভাবে জাগীৰোড থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপত পানীৰ যুৱলিত উদ্ধাৰ হয় মিজানুৰ ৰহমানে ব্যৱহাৰ কৰা দেৰ লাখ টকীয়া পালচাৰ বাইক খন।
অৱশেষত আজি জীৱন্তে উদ্ধাৰ হয় মিজানুৰ ৰহমান ।এতিয়া প্ৰশ্ন হয় মিজানুৰ ৰহমানক কোনোবাই অপহৰণ ৰ নাটক ৰচনা কৰিছে নে নিৰুদ্দিষ্ট কম্পিউটাৰ গ্ৰাহক সেৱা কেন্দ্ৰ ৰ স্বতাধিকাৰ জনে নিজেই আত্মগোপনৰ নাটক ৰচিচে,আৰক্ষীৰ তদন্ত ত সকলো কথা পোহৰ লৈ আহিব(Missing Youth from Mayang Rescued)।
লগতে পঢ়ক : USTM Student Dies By Suicide : মেঘালয়ৰ USTMৰ হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা ছাত্ৰৰ