Missing teenager found in Arunachal Pradesh:অৰুণাচলত উদ্ধাৰ ঘুগুহাৰ নিখোজ কিশোৰী

৩০ জানুৱাৰী ২০২৫,ঢকুৱাখনা : ধেমাজি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুহা গাঁওৰ এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰী ঘিলামৰাৰ আশ্ৰিত এটা ঘৰৰ পৰা যোৱা ২০জানুৱাৰীত সন্ধানহীন হৈছিল। দৰিদ্ৰতাই কোঙা কৰা ঘুগুহাৰ এগৰাকী দুৰ্ভগীয়া পৰিয়ালৰ নাবালিকা গৰাকী ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ১নং ঘিলামৰা গাঁওৰ পবিত্ৰ সূত(ভাই) আৰু কৰৱী বৈশ্য সূতৰ ঘৰত আশ্ৰিত আছিল।
বিগত প্ৰায় ৮ বছৰ ধৰি আশ্ৰিত নাবালিকা গৰাকী ২০ জানুৱাৰীৰ দুপৰীয়া হঠাৎ ঘিলামৰাৰ পৰা নিখোজ হয়। এই সন্দৰ্ভত আশ্ৰয়দাতাৰ লগতে ঘুগুহা গাঁওৰক্ষী বাহিনীয়ে ঘিলামৰা থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু ঘিলামৰা আৰক্ষীয়ে নাবালিকা গৰাকীৰ সন্ধান উলিওৱাত নির্লজ ভাবে ব্যৰ্থ হৈছিল । গঞা দৰিদ্ৰ পৰিয়ালটোৰ নিৰ্বোধ প্ৰায় ১৯বছৰীয়া নাবালিকা গৰাকী নিখোজ হোৱাৰ বিষয়টো ঘিলামৰা আৰক্ষীয়ে গুৰুত্ব নিদিলেও তৎপৰ হৈ পৰিছিল ঘুগুহা গাঁওৰক্ষী বাহিনী।
যোৱা ২৫জানুৱাৰীৰ সন্ধিয়া চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এক দুৰ্গম অঞ্চলত কিশোৰী গৰাকীৰ উপস্থিতিৰ সন্ধান লাভ কৰে বাহিনীয়ে। এই সন্দৰ্ভত ঘিলামৰা আৰক্ষীক খবৰ দিয়ে বাহিনীয়ে। কিন্তু ঘিলামৰা আৰক্ষীৰ মৰটোপনি নাভাগিল। গুৰুত্ব নাপালে কিশোৰী গৰাকীৰ উদ্ধাৰৰ বিষয়টোৱে ।
বিপৰীতে গাঁওৰক্ষী বাহিনীৰ সভাপতি প্ৰণৱ গগৈ ,সম্পাদক ফণীধৰ চাংমাই, সদস্য লোহিত বৰুৱা,জিতু গগৈ, সত্য নাৰায়ণ চাংমাই আদি ৯জনীয়া এটা দল গাঁঠিৰ ধন ভাঙি গৈ উপস্থিত হল কিশোৰী গৰাকীৰ সম্ভেদ পোৱা পাছিঘাটৰ দুই মাইল নামৰ বস্তি অঞ্চলত। নিৰন্তৰ অনুসন্ধানৰ অন্তত গাওঁৰক্ষী বাহিনীয়ে নিজস্ব কৌশল প্ৰয়োগেৰে কিশোৰী গৰাকীক নিৰাপদে উদ্ধাৰ কৰি স্বগৃহলৈ আনিবলৈ সক্ষম হয়। সম্প্ৰতি উদ্ধাৰ হোৱা কিশোৰী গৰাকী ঘুগুহাৰ পিতৃগৃহত আছে ।