Local, Vocal, Global

Missing Teenage girls from guwahati rescued in New Jalpaiguri : অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ নুনমাটিৰ পৰা সন্ধানহীন হোৱা তিনি কিশোৰীৰ

নিউজ ডেস্ক,২৫জুন : অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ নুনমাটিৰ পৰা সন্ধানহীন হোৱা তিনি কিশোৰীৰ । নিউ জলপাইগুৰিত উদ্ধাৰ হয় কিশোৰী তিনিগৰাকী ।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা ৰে’ল যোগে মুম্বাইলৈ গৈ থকা অৱস্থাত ৰে’ল আৰক্ষীৰ সহযোগত নিউ জলপাইগুৰিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নুনমাটি আৰক্ষীয়ে । উদ্ধাৰ হোৱা তিনিগৰাকী কিশোৰীক লৈ নুনমাটি আৰক্ষীয়ে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে । মঙলবাৰে নিশা আঠ বজাত কিশোৰী ছাত্ৰী কেইগৰাকীক লৈ নুনমাটি থানাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে(Missing Teenage girls from guwahati rescued in New Jalpaiguri) ।

উল্লেখ্য যে, নুনমাটিৰ ২ নং শালবাৰী, উত্তৰ জ্যোতিনগৰৰ তিনিগৰাকী ছাত্ৰী সোমবাৰে পুৱা বিদ্যালয়লৈ অহাৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছিল । সোমবাৰে পুৱা ৮:৩০ বজাত ছাত্ৰী তিনিগৰাকীক অভিভাৱকে স্কুলত থৈ গৈছিল আৰু পুৱা ন বজাত স্কুলৰ শিক্ষকে উপস্থিতি লোৱাৰ সময়ত ছাত্ৰী তিনিগৰাকী সন্ধানহীন হোৱা বুলি জানিব পাৰে । লগে লগে বিদ্যালয় কৰ্তৃপক্ষই নিৰুদ্দিষ্ট ছাত্ৰী তিনিগৰাকীৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰাত তেওঁলোক স্কুলত অহা বুলি কয় । ইয়াৰ পিচতে স্কুল কৰ্তৃপক্ষ আৰু অভিভাৱকে ঘটনা সন্দৰ্ভত পৃথকে পৃথকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে ।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ নুনমাটি আৰক্ষীয়ে নিৰুদ্দিষ্ট ছাত্ৰী কেইগৰাকীৰ সন্ধানত গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই যদিও ছাত্ৰী তিনিগৰাকী ৰে’ল যোগে কলকাতা অভিমুখে ৰাওনা হোৱা বুলি নিশ্চিত তথ্য লাভ কৰে । লগে লগে নুনমাটি আৰক্ষীয়ে নিউ জলপাইগুৰি ৰে’ল আৰক্ষীক যোগাযোগ কৰি ছাত্ৰী তিনিগৰাকীক উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰে । নুনমাটি আৰক্ষীৰ অনুৰোধত নিউ জলপাইগুৰি ৰে’ল আৰক্ষীয়ে অভিযান চলাই কলকাতা অভিমুখী ৰে’লত তিনি সন্ধনহীন ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Lok Sabha Speaker election: লোকসভাৰ অধ্যক্ষ পদত ওম বিৰলাৰ প্ৰতিদ্বন্দ্বী হ’ব কংগ্ৰেছৰ কে সুৰেশ