Local, Vocal, Global

Missing student in Sivasagar: শিৱসাগৰত নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ

নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী : শিৱসাগৰত নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ। ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৫ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে শিৱসাগৰ চহৰৰ পৰা আঠ কিলোমিটাৰ নিলগৰ ২নং দ-গাঁৱৰ সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকী।

ঘৰৰ চৌহদৰ পৰাই নিৰুদ্দেশ হয় কৃষ্ণাভ গগৈ নামৰ ১৩ বছৰীয়া ছাত্ৰ জন। কোনো লোকে ছাত্ৰ জনৰ সন্ধান পালে ৬০০০৪৩৬২৩৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ জীতেন গগৈ আৰু মাতৃ মিঠি গগৈয়ে। উল্লেখ্যযোগ্য যে, এই সন্দৰ্ভত শিৱসাগৰ চেৰেকাপাৰ আৰক্ষীৰ চকীত অৱগত কৰিছে অভিভাৱকে(Missing student in Sivasagar)।

লগতে পঢ়ক:Bhupen Das Passes Away: অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাস ওৰফে বাবলা দেহাৱসান