Local, Vocal, Global

Missing Schoolgirls From Guwahati Rescued In Tihu, Two Held : উদ্ধাৰ নিখোজ হোৱা মহানগৰীৰ দুইগৰাকী ছাত্ৰী;নলবাৰীৰ টিহুৰ পৰা উদ্ধাৰ ছাত্ৰী দুগৰাকী

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : উদ্ধাৰ নিখোজ হোৱা মহানগৰীৰ দুইগৰাকী ছাত্ৰী ।নলবাৰীৰ টিহুৰ পৰা উদ্ধাৰ নিখোজ হোৱা ছাত্ৰী দুগৰাকীক।গুৱাহাটীলৈ আনি থকা হৈছে ছাত্ৰী দুগৰাকীক( Missing Schoolgirls From Guwahati Rescued In Tihu, Two Held)।

উল্লেখ্য যে, সৰস্বতী পূজাৰ দিনাই নিখোজ হৈছিল ছাত্ৰী দুগৰাকী । ৫বছৰৰ পিছত সফল হৈ ঘূৰি আহিম বুলি মেচেজ দিছিল আত্মীয়ক। দুয়োগৰাকী ছাত্ৰী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে। সৰস্বতী পূজাৰ দিনা আবেলি বিদ্যালয়ৰ পৰা দুই ছাত্ৰী ঘৰমুৱা হৈছিল আৰু দুই ছাত্ৰীৰ লগত ভাতৃও আছিল। কিন্তু আদবাটতেই ভাতৃক এৰি ছাত্ৰী দুগৰাকী টেম্প’ত উঠিছিল।

কিন্তু তাৰ পাছৰেই পৰা দুয়োৰে সন্ধানহীন হৈ আছিল দুয়োগৰাকী। নিৰুদ্দিষ্ট এগৰাকীৰ লগত এটা ম’বাইল ফোন আছিল আৰু নিশা ১১ বাজি ১৫ বজালৈ ছাত্ৰীগৰাকীৰ হোৱাটছএপ এক্টিভ আছিল। লগতে দুয়োৱে তেওঁলোকৰ পিতৃ-মাতৃক কোনো চিন্তা নকৰিবলৈ আৰু ৫ বছৰ পিছত সফল হৈ ঘূৰি অহাৰ বাৰ্তা মেছেজযোগে দিছিল। অৱশেষত দুয়োকে উদ্ধাৰ কৰে আৰক্ষীয়ে(Missing Guwahati schoolgirls rescued from Tihu, two arrested)।