Missing School girls From Guwahati : বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ নৱম শ্ৰেণীৰ ছাত্ৰী

নিউজ ডেস্ক,২৪অক্টোবৰ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।
পুনৰ মহানগৰীত সন্ধানহীন ছাত্ৰী। মহানগৰীৰ মালিগাঁওৰ পৰা সন্ধানহীন এগৰাকী ছাত্ৰী।বিদ্যালয়লৈ বুলি ওলাই যোৱা পথত নিৰুদ্দেশ ছাত্ৰীগৰাকী।নিৰুদ্দেশ ছাত্ৰীগৰাকী নিবেদিতা দাস বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে,গোশালা এলেকাৰ অম্বিকাগিৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিবেদিতা দাস।বুধবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছে মেধাবী ছাত্ৰীগৰাকী(Missing School girls From Guwahati)।
বুধবাৰে স্কুলত উপস্থিত নোহোৱাত শিক্ষকে নিবেদিতাৰ অনুপস্থিতিৰ কথা জনাইছিল মাতৃক।এই কথা জনোৱাৰ পাছতেই পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ।পৰিয়ালৰ লোকে আত্মীয়, ওচৰ চুবুৰীয়াৰ মাজত বিচাৰ খোচৰ কৰে যদিও কোনো সুং-সূত্ৰ নাপাই পৰিয়ালৰ লোকে।
উপাইহীন হৈ স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।
বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে মহানগৰ আৰক্ষীয়ে।
লগতে পঢ়ক :Heated situation in Samaguri: চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ ৰেলীত উত্তপ্ত পৰিস্থিতি