Missing person drowned while fishing in the Brahmaputra river : মাছ মাৰিবলৈ গৈ নাওঁ ডুবি ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন এজন
নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : মাছ মাৰিবলৈ গৈ নাওঁ ডুবি ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন এজন ।
বিলাসীপাৰাৰ তাৰাঙ্গাপুৰত সংঘটিত হৈছে শোকাৱহ ঘটনা । বিলাসীপাৰাৰ তাৰাঙ্গাপুৰত মাছ ধৰিবলৈ গৈ নাওঁ ডুবি ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হয় এজন লগতে গুৰুতৰ ভাবে আহত হয় আন এজন(Missing person drowned while fishing in the Brahmaputra river)।
সন্ধানহীন লোকজন জন চিৰাকুটাৰ কামাল উদ্দিন সেখ বুলি জানিব পৰা গৈছে | আনহাতে আহত লোকজন নজৰুল ইছলাম । বৰ্তমান আহত নজৰুল ইছলামক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
জানিব পৰা মতে, সোমাবাৰে সন্ধিয়াৰ ভাগত টুলুঙা নাৱৰে ব্যক্তি দুজন ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিবলৈ গৈছিল | সন্ধিয়াৰ ভাগত হঠাতে অহা ধুমুহা বতাহৰ লগতে বজ্ৰপাত হোৱাত নাওঁ ডুবি যায় । ফলত কামল উদ্দিন নদী খনত সন্ধানহীন হৈ পৰে । লগতে নজৰুল ইছলামক স্থানীয় লোকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই |
এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ।