Local, Vocal, Global

Missing Mariani student calls the family at night : মৰিয়নিৰ নিখোজ ছাত্ৰীয়ে নিশা ঘৰলৈ কৰিলে ফোন

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী : মৰিয়নীত সন্ধানহীন ছাত্ৰীয়ে কৰিলে ফোন ।শনিবাৰে নিশা নিজ ঘৰলৈ ফোনযোগে যোগাযোগ কৰে অনুষ্কা কোচ নামৰ কিশোৰীগৰাকীয়ে(Missing Mariani student calls the family at night) । ফোনযোগে কিশোৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, তেওঁ ২০ ফেব্ৰুৱাৰীত ঘৰলৈ উভতি আহিব। লগতে কয় যে, ছাত্ৰী দুগৰাকীৰ লগত একেলগে আৰু তিনিগৰাকী যুৱতী বাংগালুৰুলৈ যায় ।

তেওঁলোক সম্প্ৰতি সুৰক্ষিত অৱস্থাতে আছে। তেওঁলোক কলকাতাৰ আশে-পাশে থকা বুলি কয় । ২০ নাইবা ২১ ফেব্ৰুৱাৰীত ৰে’লযোগে গুৱাহাটী অভিমুখে যাত্ৰাৰ কৰাৰ কথাও ফোনযোগে জানিবলৈ দিয়ে অনুষ্কাই(One student contacted home to inform about their return date, also mentioning that a total of 5 students went to Bengaluru)।

ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছত অসম আৰক্ষীয়ে তৎপৰ হৈ পৰে আৰু তদন্ত আৰম্ভ কৰে । ইফালে বাংগালুৰু আৰক্ষীৰে অসম আৰক্ষীয়ে স্থাপন কৰিছে যোগাযোগ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে অসম আৰক্ষীয়ে প্ৰেৰণ কৰিছে সবিশেষ তথ্য। ছাত্ৰী দুগৰাকীক বাংগালুৰলৈ পঠোৱাত সহায় কৰা প্ৰিতৃশা ৰে নামৰ যুৱতীগৰাকীয়ে আৰক্ষীক ভাবুকি প্ৰদান কৰাৰ কথাও পোহৰলৈ আহিছে(Missing Mariani student calls the family at night)।

ইফালে, ছাত্ৰী দুগৰাকীক বাংগালুৰুলৈ পঠোৱাত সহায় কৰা এগৰাকী যুৱতীয়ে আকৌ আৰক্ষীক ভাবুকি দিয়া বুলি তথ্য পোৱা গৈছে। যুৱতীগৰাকীয়ে আৰক্ষীক সকীয়নী দি কয় যে যদিহে তাইৰ ঘৰলৈ আৰক্ষী আহে, তেন্তে তাই আত্মহননৰ পথ বাছি ল’ব। এই সমগ্ৰ ঘটনাৰ লগত এটা শক্তিশালী চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে।

লগতে পঢ়ক : Thieves at a wedding hall in Guwahati : গুৱাহাটীত উছাহমুখৰ বিৱাহ ভৱনত চোৰৰ চাফাই!