Missing boy dead body found in Goroimari : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ

নিউজ ডেস্ক,১২আগষ্ট : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ ।
দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।গৰৈমাৰীত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ।
জানিব পৰা মতে, বিগত দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল গৰৈমাৰীৰ পুখুৰীপাৰ গাঁৱৰ জগবন্ধু বিশ্বাসৰ পুত্ৰ ৰাকেশ বিশ্বাস নামৰ কিশোৰজন। কিন্তু আজি পানীত উপঙি থকা অৱস্থাত নিৰুদ্দিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ।হঠাৎ ৰাকেশ বিশ্বাসৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ গৰৈমাৰী অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ(Missing boy dead body found in Goroimari)।
সোমবাৰে পুৱাৰ ভাগত নিৰ্জন পুখুৰী এটাত পানীত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি ৰাইজে ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীক অৱগত কৰে । গৰৈমাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।
বৰ্তমানেও জানিব পৰা হোৱা নাই ৰাকেশ বিশ্বাসক হত্যা কৰা হৈছে নে মৃত্যুৰ অন্য কিবা কাৰণ আছে। আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।