Local, Vocal, Global

Missing Bangladesh MP found dead : অৱশেষত উদ্ধাৰ হ’ল বাংলাদেশৰ প্ৰবীণ সাংসদ আনোৱাৰুল আজিম অনাৰৰ মৃতদেহ

নিউজ ডেস্ক,২২মে’ : অৱশেষত উদ্ধাৰ হ’ল বাংলাদেশৰ প্ৰবীণ সাংসদ আনোৱাৰুল আজিম অনাৰৰ মৃতদেহ। বুধবাৰে পুৱা কলকাতাৰ উপকণ্ঠ অঞ্চলৰ নিউটাউনৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ হয় প্ৰবীণ সাংসদ আনোৱাৰুল আজিম অনাৰৰ মৃতদেহ(Missing Bangladesh MP found dead)।

উল্লেখ্য যে, প্ৰবীণ সাংসদ আনোৱাৰুল আজিম অনাৰ চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল । চিকিৎসাৰ বাবে যোৱা ১২ মে’ত কলকাতালৈ আহিছিল ভাৰত সীমান্তৰ বাংলাদেশৰ ঝেনাইদাহ-৪ সমষ্টিৰ এইগৰাকী সাংসদ। তাৰ পাছৰ পৰাই পৰিয়ালৰ সৈতে তেওঁৰ যোগাযোগ নোহোৱা হয়। ১৪ মে’ত ৰ পৰা তেওঁৰ ফোনো ছুইচ অফ হৈ আছিল(Missing Bangladesh MP found dead in Kolkata )।

উপায়হীন হৈ সাংসদগৰাকীৰ পত্নীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে যোগাযোগ কৰে। তাৰ পাছতেই বাংলাদেশ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে দিল্লী কলাকাতাস্থিত বাংলাদেশ দূতাবাসৰ সৈতে যোগাযোগ কৰে।

তাৰ পাছত কলকাতা আৰক্ষীৰ সৈতে বাংলাদেশৰ ডিটেকটিভ আৰক্ষীয়ে তেওঁৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰে। সাংসদগৰাকী বিগত আঠ দিন ধৰি সন্ধানহীন হৈ আছিল । অৱশেষত বুধবাৰে কলকাতাৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ হয় প্ৰবীণ সাংসদ গৰাকীৰ মৃতদেহ ।

বাংলাদেশৰ শাসকীয় দল আৱামী লীগৰ তিনিবাৰৰ সাংসদগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত তেওঁৰ মৃত্যুৰ কাৰণক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।ইয়াৰ পাছতেই এতিয়া দুয়োখন দেশৰ কূটনৈতিক ক্ষেত্ৰতখনত প্ৰভাৱ পৰাৰ স্পষ্ট ইংগিত পোৱা গৈছে। তেওঁক কোনে, কি, কাৰণত হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

লগতে পঢ়ক : Child Marriage in Karimganj : কৰিমগঞ্জৰ পাথাৰকান্দিত বাল্য বিবাহৰ ঘটনা