Local, Vocal, Global

Miss World 2023 : ২৭ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ১১ জুন : প্ৰায় তিনিটা দশকৰ অন্তত দেশলৈ উভতি অহাৰ লগে লগে ভাৰতে আয়োজন কৰিবলৈ সাজু হৈছে মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতা (Miss World 2023) । সুৰ্দীঘ প্ৰায় তিনিটা দশকৰ অন্তত ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখনি । বিশ্ববাসীক আকৰ্ষিত তথা আলোড়িত কৰি ৰখা সৌন্দর্য প্রতিযোগিতাখনৰ গ্ৰেণ্ড ইভেন্ট অনুষ্ঠিত হ’ব ভাৰতত । ৭১ সংখ্যক মিছ ৱৰ্ল্ড- ২০২৩ প্রতিযোগিতাখন এইবাৰ ভাৰতত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে মিছ ৱৰ্ল্ড অর্গেনাইজেশনৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া জুলিয়া গালিয়ে (CEO Julia Galli) ।

ইয়াৰ পূৰ্বে ভাৰতত ১৯৯৬ চনত শেষ বাৰৰ বাবে অনুষ্ঠিত হৈছিল বিশ্বৰ সৌন্দৰ্য প্ৰতিযোগিতাখন । অর্থাত্‍ ২৭ বছৰৰ অন্তত বহু প্রত্যাশিত মিছ ৱৰ্ল্ড প্রতিযোগিতা ৭১ সংখ্যক সংস্কৰণটো ভাৰতত চলিত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে প্ৰতিযোগিতা খনৰ দিনবাৰ বৰ্তমানেও চূড়ান্ত কৰা হোৱা নাই (India to Host 71st Miss World 2023)।

উল্লেখ্য যে এখন সংবাদ মেলত মিছ ৱৰ্ল্ড অর্গেনাইজেশনৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া জুলিয়া মালিয়ে কয় যে – ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্রতিযোগিতাৰ ফাইনেলৰ আয়োজক হৈছে ভাৰত । এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি ভাৰতৰ অনন্য আৰু বৈচিত্রময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণীয় স্থানসমূহ বিশ্ববাসীয়ে প্রত্যক্ষ কৰিছে ।

উল্লেখ্য যে বিশ্বৰ ১৩০ খনতকৈও অধিক দেশৰ প্রতিযোগীয়ে এমাহজোৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বিজয়ী সকলে মিছ ৱৰ্ল্ড ২০২৩ প্রতিযোগিতাত অংশগ্রহণ কৰিব । ভাৰতত অনুষ্ঠিত হ’ব আটাইতকৈ আকর্ষণীয় মিছ ৱৰ্ল্ড ফাইনেল ইভেন্টটো । বৰ্তমানৰ মিছ ৱৰ্ল্ড গোলেণ্ডৰ কে লিনা বিলাউস্কে ভাৰতত বাহৰ পাতি প্ৰতিযোগিতাখনৰ প্ৰচাৰ অব্যাহত ৰাখিছে ।

মিছ ৱৰ্ল্ড সংস্থাৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে কয় যে “৭১ সংখ্যক মিছ ৱৰ্ল্ড ফাইনেলৰ নতুন ঘৰ হিচাপে ভাৰতক ঘোষণা কৰি মই আনন্দিত হৈছো… আপোনাৰ অনন্য আৰু বৈচিত্ৰময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণ আৰু উশাহ লোৱাৰ দৰে স্থানসমূহ বিশ্বৰ বাকী অংশৰ সৈতে শ্বেয়াৰ কৰিবলৈ আমি অপেক্ষা কৰিব নোৱাৰো।”

বৰ্তমান ভাৰতত সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিষয়ে প্ৰচাৰ কৰি থকা পোলেণ্ডৰ বর্তমানৰ মিছ ৱৰ্ল্ড কেৰ’লিনা বিয়েল’স্কাই কয় যে মিছ ৱৰ্ল্ডৰ দৰে একে মূল্যবোধৰ বাবে থিয় দিয়া এই “সুন্দৰ দেশ”খনত নিজৰ মুকুট গতাই দিবলৈ পাই তেওঁ উৎফুল্লিত হৈছে ৷

ভাৰতে এই অনুষ্ঠান আয়োজন কৰাৰ বাবে সমানেই উৎসাহিত আৰু আগ্ৰহী আছিল বৰ্তমানৰ মিছ ইণ্ডিয়া ৱৰ্ল্ড চিনি শ্বেট্টী , যিয়ে দেশখনক প্ৰতিনিধিত্ব কৰিব হাই অক্টেন প্ৰতিযোগিতাত (Sini Shetty To Represent India At Miss World)।

উল্লেখ্য যে ভাৰতে ছবাৰকৈ এই সন্মানীয় খিতাপ দখল কৰিছে — ৰেইতা ফাৰিয়া (১৯৬৬), বৰ্তমান বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় (১৯৯৪), ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখে (১৯৯৯), বলিউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা (২০০০), আৰু মনুষী চিল্লাৰ (২০১৭)।

লগতে পঢ়ক : Ambubachi mela : অম্বুবাচী মেলাৰ প্ৰস্তুতি,নিৰ্ধাৰণ কেতবোৰ নীতি-নিৰ্দেশনা