Local, Vocal, Global

হাইলাকান্দি জিলাত অঘটন

নিউজ ডেস্ক, ২২ জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে মানৱ সমাজক লজ্জিত কৰা ঘটনাৰ ।

বৃহস্পতিবাৰে এগৰাকী নাবালক ছোৱালীক বলাৎকাৰ কৰাৰ অভিযোগত হাইলাকান্দি জিলাত দুজন যুৱকক আৰক্ষীৰ জিম্মাত লৈছিল।

আৰক্ষীৰ বিষয়াসকলে জনোৱা অনুসৰি, ঘটনাটো ১৫ জুলাইত ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চিয়ালা গাঁৱত সংঘটিত হৈছিল ।

এজন জ্যেষ্ঠ বিষয়াই কৈছিল অভিযুক্তসকলক নিৰন্তৰ অভিযানৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল হৈছিল আৰু তেওঁলোকক আবুল হুছেইন আৰু চেলিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক (SP) গৌৰৱ উপাধ্যায়ে কয়, “কাঞ্চিয়ালা গাঁৱৰ বনাঞ্চলত দুজন যুৱকে এগৰাকী নাবালক ছোৱালীক ধৰ্ষণ কৰিছিল।”

তেওঁ লগতে কয় “সমগ্ৰ অঞ্চলটো এটা অতি দূৰৱৰ্তী বনাঞ্চল। আমি বিষয়টো অতি গুৰুত্বসহকাৰে লৈছিলো আৰু সকলো জ্যেষ্ঠ বিষয়া তৎক্ষণাৎ অঞ্চলটোলৈ দৌৰি গৈছিল। আমি নিৰন্তৰ অভিযান চলাইছিলো,” ।