Local, Vocal, Global

Miscreants set ablaze man in Tinsukia : অৱশেষত ১১দিনৰ পিছত চিনাক্ত হ’ল তিনিচুকীয়াত উদ্ধাৰ হোৱা অগ্নিদগ্ধ মৃতদেহ

নিউজ ডেস্ক,২৭এপ্ৰিল : কচুজানৰ শুকানপুখুৰী চাহ বাগিছাত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত । ১১ দিনৰ পিছত চিনাক্ত হ’ল অগ্নিদগ্ধ মৃতদেহটো(Miscreants set ablaze man in Tinsukia) ।

উল্লেখ্য যে, ১৫এপ্ৰিলৰ পুৱা কচুজানৰ শুকানপুখুৰী চাহ বাগিছাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো হোৱা নাছিল চিনাক্ত। উক্ত ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷

অৱশেষত ১১ দিনৰ পিছত চিনাক্তকৰণ হ’ল মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো শিৱসাগৰ বকতাৰ ২১বছৰীয়া যুৱক ৰাজ লাচিতৰ । কৰ্মসূত্ৰে তিনিচুকীয়াত আছিল ৰাজ লাচিত। ১৫এপ্ৰিলৰ পৰা পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাছিল যুৱকজনৰ। শনিবাৰে ১১দিনৰ পিছত সন্ধান ওলাই ২১বছৰীয়া যুৱক ৰাজ লাচিতৰ। অৱশেষত তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ পৰিয়ালৰ লোকে ১৫এপ্ৰিলত তিনিচুকীয়াত উদ্ধাৰ হোৱা মৃতদেহটো ৰাজ লাচিতৰ বুলি চিনাক্ত কৰে।

জানিব পৰা মতে, ৰাজ লাচিতে প্ৰায় চাৰি মাহৰ পৰা তিনিচুকীয়া পৰ্বতীয়াস্থিত হ’ট অভেন নামৰ এখন বেকাৰীত কাম কৰিছিল। বেকাৰীৰ মালিকে জানিব দিয়া অনুসৰি ১৪ এপ্ৰিলত দিনত ককৰাতলিৰ গগৈ উপাধিৰ এজন যুৱকৰ সৈতে অন্য এজন সতীৰ্থ কৰ্মচাৰী ঘৰত বিহু খাবলৈ বুলি ওলাই গৈছিল ৰাজ লাচিত৷ সেইদিনাৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ৰাজ লাচিত।

লগতে পঢ়ক : Policeman killed in tragic road accident : নিৰ্বাচনৰ দায়িত্ব সামৰি অহাৰ পথত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল আৰক্ষী কনিষ্টবলৰ