Miscreants looted money from a car : দিন দুপৰতে দুৰ্বৃত্তই আইনা ভাঙি লুটি নিলে মূল্যৱান নথিৰ লগতে নগদ ধন

নিউজ ডেস্ক, ৪এপ্ৰিল : গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তৰ লুটপাত। দুৰ্বৃত্তই আইনা ভাঙি লুটি নিলে মূল্যৱান নথিৰ লগতে নগদ ধন(Miscreants looted money from a car)।
গুৱাহাটীৰ মহানগৰীত জয়ানগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তৰ লুটপাত। মূল্যৱান নথিৰ লগতে নগদ ধন লুটিলে দুৰ্বৃত্তৰ দলে।
জানিব পৰা মতে,গুৱাহাটীৰ মহানগৰীত দিন দুপৰতে জয়ানগৰ পুলিচ পইণ্টৰ কাষতে এই ঘটনা সংঘটিত হৈছে। টিংকু চলিহা নামৰ লোকজনৰ অল্ট’ বহনৰ পৰা লুটিলে ধন। গাড়ীৰ পৰা প্ৰায় ১০ হাজাৰ টকা লুটি নিয়ে দুৰ্বৃত্তই(Miscreants looted money from a car in guwahati)।
AS 01DV 1850 নম্বৰৰ বাহনখন ১৫ মিনিটৰ বাবে পাৰ্কিং কৰিছিল লোকজনে। পাৰ্কিং কৰি চাহ খাবলৈ গৈছিল টিংকু চলিহাই। সেই সুযোগতে দুৰ্বৃত্তই সংঘটিত কৰে এই লুটপাতৰ ঘটনা। পুৱা প্ৰায় ৯ বজাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।