Miscreants attack on doctor in Karimganj : চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত আক্ৰমণ

নিউজ ডেস্ক,১৫ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা । এইবাৰ কৰিমগঞ্জ সংঘটিত হৈছে অঘটন।
কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত চলিল আক্ৰমণ ।কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বুৰহান উদ্দিনৰ ওপৰত দুই উত্তেজিত ব্যক্তিয়ে কৰে আক্ৰমণ । চহৰখনৰ দাসপট্টী এলেকাৰ সত্য বণিক আৰু নিত্যগোপাল বণিক নামৰ দুই ব্যক্তিয়ে কৰ্তব্যৰত চিকিৎসক ডাঃ বুৰহান উদ্দিন উপৰ্যুপৰি আক্ৰমণ কৰে । আনকি নগদ পাঁচ লাখ টকা নিদিলে পৰিণাম ভয়ংকৰ হ’ব বুলিও চিকিৎসকগৰাকীক ভাবুকি প্ৰদান কৰে দুই আক্ৰমণকাৰীয়ে(Miscreants attack on doctor in Karimganj)।
এই সন্দৰ্ভত অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ লিপি দেবে জনোৱা অনুসৰি দুটা দিনত দুবাৰকৈ ডাঃ বুৰহান উদ্দিনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল দাসপট্টী এলেকাৰ বণিক উপাধিৰ এই দুই ব্যক্তিয়ে । প্ৰশ্ন উত্থাপিত হৈছে কিয় এই দুই ব্যক্তিয়ে আক্ৰমণ কৰে চিকিৎসকগৰাকীক ?
কেৱল অভিযোগ উত্থাপনতে ক্ষান্ত নাথাকি সত্য বণিক আৰু নিত্যগোপাল বণিকে শনিবাৰে চিকিৎসালয়খনত প্ৰৱেশ কৰি ডাঃ বুৰহান উদ্দিনৰ ওপৰত জঁপিয়াই পৰে । সেই সময়ত পৰিস্থিতি অধিক উত্তপ্ত হোৱাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় কৰিমগঞ্জ সদৰ আৰক্ষী থানাৰ অ’চি যাদৱ ডেকাসহ আৰক্ষীৰ এটা দল । আৰক্ষী দলটো উপস্থিত হৈ সত্য বণিক আৰু নিত্যগোপাল বণিকক আটক কৰি থানালৈ লৈ যায় । ইয়াৰ পিচতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই দুই আক্ৰমণকাৰীৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।