Gang Rape In Mirzapur : নাবালিকাক দলবদ্ধ ধৰ্ষণ , বিজেপি নেতা জড়িত থকাৰ অভিযোগ
নেশ্যনেল ডেস্ক,২৭জুলাই: আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে দেশ । এইবাৰ এই লজ্জাজনক কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত । এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে তিনিজন দুৰ্বৃত্তৰ বিৰুদ্ধে । এই চাৰি অভিযুক্তৰ ভিতৰত আছে এজন বিজেপি নেতা (Mirzapur minor girl gang raped bjp leader)।
প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় ডেৰ বছৰে এগৰাকী নাবালিকাক এগৰাকী বিজেপি নেতাৰ নেতৃত্বত ধৰ্ষণ কৰি আহিছিল । এই ঘটনা পোহৰলৈ আহে ১৭জুলাইত ।জানিব পৰা মতে,১৭ জুলাইত নাবালিকা গৰাকীৰ নাবালিকাগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি আৰু স্বাস্থ্যৰ অৱনতি হোৱাত মাতৃয়ে সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাইছিল আৰু তেতিয়াই ডক্তৰে এই কথা অৱগত কৰাই যে প্ৰায় নাবালিকাগৰাকীক গৰ্ভপাত কৰোৱাৰ ঔষধ ব্যৱহাৰ কৰে ।যাৰ ফলত নাবালিকা স্বাস্থ্যৰ যথেষ্ট অৱনতি হয়(BJP Leader Accused)।
অভিযোগ অনুসৰি, উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এই দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী বিজেপি নেতাৰ নেতৃত্বত প্ৰায় ডেৰ বছৰ ধৰি চলি আহিছে এগৰাকী নাবালিকাৰ ওপৰত ধৰ্ষণ । নাবালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে ধৰ্ষণ কৰাৰ পাছত গৰ্ভপাত কৰোৱাৰো ঔষধ ব্যৱহাৰ কৰাৰ বাবে হেচাঁ দি অহাৰ অভিযোগ উত্থাপিত কৰিছে । জানিব পৰা মতে, এগৰাকী বিজেপি নেতা বিজয় গুপ্তাৰ নেতৃত্বত চলিছিল এই কু-কাণ্ড (Gang Rape In Mirzapur) ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তি গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতা বিজয় গুপ্তাক ।
প্ৰাপ্ত তথ্য অনুসৰি, ধৰ্ষণৰ অভিযুক্ত বিজেপি নেতা বিজয় গুপ্তা বেকৱাৰ্ড ফ্ৰণ্ট লালগঞ্জ মণ্ডলৰ সভাপতি তথা গাঁওবুঢ়া ।প্ৰায় ডেৰ বছৰ ধৰি ধৰ্ষণ নাবালিকাৰ ওপৰত যৌন উৎপীড়ন চলাইছিল আৰু নাবালিকাগৰাকী গৰ্ভৱতীও হৈছিল । কিন্তু অভিযুক্তই গৰ্ভৱতী হোৱাৰ সময়ত নাবালিকাগৰাকীক গৰ্ভপাত কৰোৱাৰ ঔষধ দিছিল প্ৰায় । যাৰ ফলত, নাবালিকাগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল যাৰ বাবে পৰিয়ালে সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল । চিকিসালয়ত ভৰ্তি কৰোৱাৰ পিছত হে ঘটনা পোহৰলৈ আহে(bjp leader arrested for raping minor girl for one and a half years in Mirzapur) ।
ঘটনা পোহৰলৈ অহাৰ পিছতে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে ১৭ জুলাইত লালগঞ্জ আৰক্ষী থানাত গোচৰ ৰুজু কৰে । গোচৰটো ৰুজু হোৱাৰ পাছতে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু এখন ৰেষ্টুৰেণ্টৰ মেনেজাৰ আকাশ কেশৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।তাৰ পাছতে গোচৰটোত বিজেপি নেতা বিজয় গুপ্তাৰ নাম পোহৰলৈ আহিছিল যদিও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।
অভিযুক্ত নেতাজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত কংগ্ৰেছ, এছপিকে ধৰি সকলো বিৰোধী দলে প্ৰতিবাদ আৰম্ভ কৰে । অৱশেষত আৰক্ষীয়ে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মিশ্ৰাই জনোৱা মতে প্ৰায় ডেৰ বছৰ ধৰি ভুক্তভোগী নাবালিকাগৰাকীক অভিযুক্ত আফ্ৰিদি খান আৰু বিজেপি নেতা বিজয় গুপ্তাই ধৰ্ষণ কৰি আহিছিল । প্ৰথমে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আফ্ৰিদি খানেও বিজয় গুপ্তাৰ বিৰুদ্ধে প্ৰমাণ দিয়াত সহায় কৰিছিল । দুয়ো ধৰ্ষণকাৰীক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে গোচৰটোত গ্ৰেপ্তাৰ হোৱা তিনিওজন অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে( Mirzapur minor girl gang raped bjp leader)।
লগতে পঢ়ক : Gang Rape In MP : যুৱতীক দলবদ্ধ ধৰ্ষণ , জড়িত বিজেপি নেতাৰ পুত্ৰ, নাবালিকা ভগ্নীকো যৌন নিৰ্যাতন