Local, Vocal, Global

Miracle in Israel : চিকিৎসকে এগৰাকী নাবালকৰ কটা মূৰ পুনৰ সংলগ্ন কৰিলে , জীৱন্তে ঘৰলৈ উভতিল…

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ জুলাই : কান্ধৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ পৰা মূৰটো পুনৰ জোৰা লগোৱা হ’ল (Miracle in Israel)। জীৱন্তে ঘৰলৈ উভতিল এগৰাকী নাবালক ! কেৱল সেয়াই নহয়, কোনো সহায় নোলোৱাকৈ তেওঁ খোজ কাঢ়িও ফুৰিছে । হয়, বিশ্বাস কৰিব নোৱাৰা যেন লাগিলেও এয়া সঁচা। ইজৰাইলৰ চিকিৎসকে এইটো অসম্ভৱ কৰি তুলিছে । এনে এটা চাঞ্চল্যকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

তথ্য অনুসৰি এক ভয়ংকৰ দুৰ্ঘটনাত চুলেমান হাছান নামৰ ১২ বছৰীয়া এটা ল’ৰা ডিঙি আৰু মূৰ প্ৰায় সম্পূৰ্ণৰূপে ছিঙি পৰিছিল । সেই পৰিস্থিতিত পিতৃ-মাতৃয়ে ল’ৰাজনক বিমানযোগে ইজৰাইলৰ হাদাছাহ মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয়। তাৰ পিছত তেওঁক জৰুৰীকালীন অস্ত্ৰোপচাৰৰ বাবে ক্ষীপ্ৰতাৰে প্ৰেৰণ কৰা হয় (Doctors Reattach The Boy’s Severed Head)।

চিকিৎসকৰ সৈতে চুলেমান হাছানৰ ফটো

ল’ৰাটোৰ ডিঙিৰ পৰা মূৰটো ছিঙি পৰাৰ লগতে পেটতো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিবলৈ পৰা গৈছে(Miracle surgery) ।

ঘটনা সন্দৰ্ভত চিকিৎসালয়ৰ অৰ্থপেডিক চাৰ্জন ডাঃ ওহাদ আইনভে কয় যে তেওঁক ইয়ালৈ অনাৰ লগে লগে তেওঁৰ অৱস্থা দেখি আমি সকলোৱে আচৰিত হৈছিলো, মূৰ আৰু ডিঙিৰ মিলন হোৱা লিগামেণ্টবোৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল ( Dr. Ohad Einav)। দুৰ্ঘটনাটোত ল’ৰাটোৰ মূৰটো ডিঙিৰ পৰা প্ৰায় সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছিল । ফলত অস্ত্ৰোপচাৰটো অতি জটিল আছিল। আমাৰ কেইবা ঘণ্টা সময় অন্তত অস্ত্ৰোপটাৰ সম্পূৰ্ণ হয় । ঘাঁত নতুন প্লেট লগাব লগা হ’ল।”

তেওঁ লগতে কয় যে হাছানৰ মূৰ আৰু মেৰুদণ্ড অতি জটিল অস্ত্ৰোপচাৰৰ পিছত পুনৰ একত্ৰিত কৰা হৈছিল, আৰু এই অপাৰেচনৰ বাবে চিকিৎসালয়খনৰ সকলো বিভাগতে কাম কৰা বিশেষজ্ঞ চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীয়ে অপাৰেচন থিয়েটাৰত কেইবা ঘণ্টা কাম কৰিছিল। সেই সময়ত তেওঁলোকৰ কাৰিকৰী অভিজ্ঞতাইও বহুত সহায় কৰিছিল।

উল্লেখ্য যে যোৱা জুন মাহত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে, চুলেমানৰ চাইকেলৰ সৈতে এখন গাড়ীৰ সংঘৰ্ষ হৈছিল । সেইবাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। জুলাই মাহৰ আগতে সেই চিকিৎসালয়ৰ চিকিৎসকে এই বিষয়ে কোনো তথ্য দিব বিচৰা নাছিল। শেহতীয়াকৈ চুলেমানক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। অৱশ্যে তেওঁৰ ডিঙিত ছাৰ্ভাইকেল স্প্লিণ্ট সংলগ্ন হৈ আছে । আগন্তুক দিনতো ​​চুলেমানৰ শাৰীৰিক অৱস্থাৰ ওপৰত চকু ৰাখিব চিকিৎসালয় কৰ্তৃপক্ষই।

এই সন্দৰ্ভত ডাঃ আইনভে কয়, “চুলেমানৰ কোনো স্নায়ুজনিত সমস্যা নাই। শৰীৰত কোনো অস্বাভাৱিকতা নাই। আনকি তেওঁ কোনো ছাপোৰ্ট নোহোৱাকৈ খোজ কাঢ়িবও পাৰিছে।”

এনে মাৰাত্মক দুৰ্ঘটনাত জীয়াই থকাৰ সম্ভাৱনা অতি কম হ’লেও চিকিৎসকে হাছানৰ আৰোগ্যক এক অলৌকিক বুলি অভিহিত কৰিছে । দলটোৱে কয় যে সাধাৰণতে, এনে দুৰ্ঘটনাৰ বলি হোৱা লোকৰ স্নায়ুজনিত বা মগজু সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়। কিন্তু হাছান সুস্থ আছিল। ইমান ডাঙৰ অপাৰেচনৰ পিছতো এই ল’ৰাটোৱে কাৰো সহায় অবিহনে নিজাববীয়াকৈ খোজ কাঢ়িব পাৰে। হাছানৰ পিতৃয়ে তেওঁৰ একমাত্ৰ পুত্ৰৰ জীৱন ৰক্ষা কৰা চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

লগতে পঢ়ক : India selected 26 Rafale fighters for Navy : ভাৰতে নৌসেনাৰ বাবে ২৬খন ৰাফেল যুঁজাৰু বাছনি কৰিছে