Minor sisters gang raped in Rajasthan: পিতৃৰ দুই বন্ধুৱে ধৰ্ষণ কৰি অন্তসত্বাঃ কৰিলে দুই ভগ্নীক
নেশ্যনেল ডেস্ক, ৩১জুলাই : পুনৰ দেশত সংঘটিত হৈছে ধৰ্ষণকাণ্ড । এইবাৰ পিতৃৰ বন্ধুৱে দুই ভগ্নীক কৰিলে ধৰ্ষণ । হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা দেশত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ । দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ ঘটনা । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ(Minor sisters gang raped in Rajasthan) ।
দেশত সংঘটিত হৈ থকা কেতবোৰ অপৰাধজনিত ঘটনাই সৰ্বত্ৰে বাতৰিৰ শিৰোণাম দখল কৰি আহিছে । কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা ।
গাৰ নোম শিয়ৰি উঠা আন এক ঘটনা । ৰাজস্থানৰ দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্তা কৰাৰ অভিযোগ পিতৃৰ বন্ধুৰ ওপৰত । এই ঘটনাই এতিয়া ৰাজস্থানত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
অভিযোগ অনুসৰি, ৰাজস্থানৰ দুগৰাকী ভগ্নীক পিতৃৰ বন্ধুয়ে বহু দিনৰ পৰা ধৰ্ষণ কৰি আহিছিল । সোমবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি , ৰাজস্থানৰ আলৱাৰ জিলাৰ এটা ইটাভাটাত পিতৃৰ সৈতে দুজন বন্ধুৱে কাম কৰিছিল আৰু এই নৰপিশাচ সহকৰ্মী দুজনৰ ওপৰত এই জঘন্য কাণ্ডৰ অভিযোগ উত্থাপন হৈছে (Minor sisters gang raped in Rajasthans Alwar both pregnant) ।
জানিব পৰা মতে, কিশোৰী দুগৰাকীৰ এগৰাকীৰ বয়স ১৩ বছৰ আনগৰাকী ১৫ বছৰ । ঘটনা পোহৰলৈ অহাৰ পিছতে শুকুৰবাৰে ভুক্তভোগী কিশোৰী দুগৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰে । পিতৃয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি, ভুক্তভোগী ডাঙৰ ছোৱালীজনী বিগত কেইবাদিন ধৰি পেটৰ বিষ আৰু অন্য়ান্য স্বাস্থ্যজনিত সমস্যাৰ লগতে শৰীৰৰ স্বাভাৱিক পৰিৱৰ্তনৰ বাবে হাস্পতালত ভৰ্তি কৰাই । চিকিৎসকৰ ওচৰলৈ যোৱাৰ পাছত পিতৃয়ে গম পালে যে কিশোৰীগৰাকী ৭ মাহৰ গৰ্ভৱতী ।
ইয়াৰ পিছতে পোহৰলৈ আহে এই জঘন্য ঘটনাৰ । লগতে কিশোৰীগৰাকীয়ে কয় যে, তেওঁৰ ভগ্নীকো ধৰ্ষণ কৰা হয় । আৰু ভুক্তভোগী কিশোৰীগৰাকীৰ ভগ্নীৰ প্ৰাথমিক চিকিৎসাৰ অন্তত পোহৰলৈ আহে যে কিশোৰীগৰাকী বৰ্তমান ৩মাহৰ গৰ্ভৱতী(Two teenage sisters gang raped for over 1 year in Alwar both im pregnated) ।
কিশোৰী দুগৰাকীয়ে অভিযোগ কৰা অনুসৰি ,পিতৃৰ বন্ধু দুই লম্পদে কিশোৰী দুগৰাকীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকি দিছিল । লগতে এই সমগ্ৰ জঘন্য ঘটনাৰ ভিডিঅ’ কৰি ব্লেকমেইলিঙ আৰম্ভ কৰিছিল । ধৃত নৰপিশাচজনৰ নাম ছাপ্পি আৰু সুভনে বুলি জানিব পৰা গৈছে ।
বৰ্তমান এই জঘন্য ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো অভিযুক্ত গ্ৰেপ্তাৰ হোৱা নাই ।
লগতে পঢ়ক : Madhya Pradesh Rape Case : প্ৰথমে যৌনাংগত সুমুৱালে কঠিন বস্তু,তাৰ পিছত দলবদ্ধ ধৰ্ষণ