Minor rape case in Jamugurihat: পঞ্চাশ বছৰীয়া ব্যক্তিৰ কামনাৰ বলী হ’ল ১৪ বছৰীয়া নাৱালিকা

নিউজ ডেস্ক,৯ জুলাইঃ পঞ্চাশ বছৰীয়া ব্যক্তিৰ কামনাৰ বলী হ’ল ১৪ বছৰীয়া নাৱালিকা । জামুগুৰিহাটৰ ভৰলী চাপৰীত এগৰাকী ১৪ বছৰীয়া নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ একে গাওঁৰে ৫০ বছৰীয়া এগৰাকী ব্যক্তিয়ে ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ (A 50-year-old man named Mofizuddin Ali, a resident of Bharali Chapari, committed a heinous crime of rape of a 14-year-old girl by taking advantage of her parents not being at home). ভৰালী চাপৰী নিৱাসী লম্পট মফিজুদ্দিন আলি নামৰ পঞ্চাশ উৰ্দ্ধৰ ব্যক্তি গৰাকীয়ে প্ৰতিৱেশী এগৰাকী ১৪ বছৰীয়া নাবালিকাক পিতৃ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ ধৰ্ষন দৰে এক জঘন্য ঘটনা সংঘটিত কৰে । এই ঘটনা কাৰোৱাক কৈ দিলে নাবালিকাগৰাকীৰ লগতে পিতৃ মাতৃকো হত্যা কৰাৰ ভাবুকি দিয়ে ৷
লম্পট মফিজুদ্দিন আলিয়ে এটা মাহতে নাৱালিকা গৰাকীক দুৱাৰকৈ ভয় ভাবুকিৰে ধৰ্ষন কৰাৰ অভিযোগ উখাপন হৈছে ৷ পাচত মফিজুদ্দিনৰ এনে অপকৰ্মত অতিষ্ঠ হৈ সমগ্ৰ ঘটনা নাৱালিকা গৰাকীয়ে নিজ বৰমাকক বিৱৰি কোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীৰ পিতৃ মাতৃয়ে জামুগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে (The minor’s parents lodged a complaint at Jamuguri police station in connection with the incident). যদিও এই পৰ্যন্ত জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই লম্পট মফিজুদ্দিনক ৷ উল্লেখ্য যে নাবালিকা গৰাকীক পাচমাইলৰ এখন মাদ্ৰাছাত পিতৃ মাতৃয়ে নাম লগাই দিয়ে যদিও লম্পট মফিজুদ্দিনে মাদ্ৰাছাৰ পৰাও নাৱালিকা গৰাকীক ফুচুলাই নিয়াৰ চেষ্টা চলাইছিল ।
লগতে পঢ়কঃ Went to the outside state for work:আজিও ঘূৰি নাহিল ধীৰু ডেকাWent to the outside state