Minor girl sexually assaulted : নাবালিকা যৌন নিৰ্যাতনৰ চেষ্টা ৫৫বছৰ বয়সীয়াল ব্যক্তিৰ
নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : নাবালিকা ছোৱালীক ৫৫বছৰ বয়সীয়াল ব্যক্তিৰ যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা ।
পুনৰ ধুবুৰীত সংঘটিত হৈছে চাঞ্চল্যৰ ঘটনাৰ(Minor girl sexually assaulted)।
আৰক্ষীৰ এটি সূত্ৰই সদৰী কৰা অনুসৰি মিনাৰ উদ্দিন হক নামৰ লম্পট এজনে এগৰাকী নাবালিকা ছোৱালীক ফুচুলাই শৰীৰত হাত দিয়াৰ লগতে ধৰ্ষণৰ অপচেষ্টা চলাই।
ধৰ্ষণৰ চেষ্টা চলাওতে নাবালিকা ছোৱালীজনীয়ে চিঞৰ-বাখৰ কৰাত মীনাৰ উদ্দিন হক নামৰ লোকজন পলাই যায়। পিচত পৰিয়ালৰ লোকক নাবালিকাগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়াত স্থানীয় ৰাইজৰ সহযোগত মঙ্লবাৰে নিশা মীনাৰ উদ্দিন হকক আটক কৰি উত্তম মাধ্যম দি খবৰ দিয়ে আৰক্ষীক।
ঘটনাস্থলীত ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীৰ এটি দলে উপস্থিত হৈ মিনাৰ উদ্দিন হকক আৰক্ষীয়ে আটক কৰি ধুবুৰী সদৰ থানাত লৈ লৈ আনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক :RTI activist Dulal Bora detained : বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক আটক