Local, Vocal, Global

Minor Girl Raped in Tamulpur : ধিঙৰ জঘন্য কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে অন্য এক ধৰ্ষণকাণ্ডৰ ঘটনা

নিউজ ডেস্ক,২৫আগষ্ট : ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ তামুলপুৰত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ।

বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড (Minor Girl Raped in Tamulpury) । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে।

কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(
Minor Girl Raped in Tamulpur) ।

গাৰ নোম শিয়ৰি উঠা এক ঘটনা। ৰাজ্যজুৰি ধিঙৰ জঘন্য কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে অন্য এক ধৰ্ষণকাণ্ডৰ ঘটনা। এইবাৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ভোগপুৰত সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা। গোৰেশ্বৰৰ ভোগপুৰৰ মোস্তাক হুছেইনে (৩৫) নামৰ এজন বিবাহিত লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই জঘন্য কাণ্ড কৰাৰ অভিযোগ।

ঘটনা অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ লৈ ১৪ বছৰীয়া নাবালিকাগৰাকীক মোস্তাক হুছেইনে ধৰ্ষণ কৰাৰ অভিযোগ কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গৰ। ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ। এই মুহূৰ্তলৈ গোৰেশ্বৰৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত মোস্তাক হুছেইনক।

লগতে পঢ়ক : CBI raid at RG Kar Medical College ex-principal Sandip Ghosh’s residence : আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত CBIৰ অভিযান