Local, Vocal, Global

Minor Girl Raped in Gelakey : ৯ বছৰীয়া কিশোৰী ধৰ্ষণ কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে

গেলেকী;১৯আগষ্ট : ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ গেলেকীত সংঘটিত হৈছে আন এক জঘন্য ঘটনা ।

বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড (Minor Girl Raped in Gelakey) । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে।

কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(Minor Girl Raped in Gelakey) ।

গাৰ নোম শিয়ৰি উঠা এক ঘটনা। ৯ বছৰীয়া কিশোৰী ধৰ্ষণ কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে । গেলেকী ন-আলিত সংঘটিত হৈছে এই জঘন্য ঘটনাটো । নিজ পিতৃৰ কামনাৰ বলি হ’ল কিশোৰী ।

জানিব পৰা মতে, গেলেকীৰ ন-আলিৰ আনোৱাৰ হুছেইন নামৰ লোকজনৰ ঘৰত বন কৰা হিচাপে এটা পৰিয়াল আছিল । আনোৱাৰ হুছেইনে আশ্ৰয় দিছিল পৰিয়ালটোক । আজি প্ৰায় দুমাহ ধৰি বনকৰা হিচাপে পৰিয়ালৰ আছিল আনোৱাৰা হুছেইনৰ ঘৰত ।মহিলা গৰাকীয়ে আনোৱাৰ হুছেইনৰ ঘৰত কাম কৰি থকাৰ সময়তে স্বামীয়ে নিজ কন্যাৰ সৈতে অসৎ কাম কৰাৰ অভিযোগ উত্থাপন উঠিছে ।

পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে গেলেকী আৰক্ষী থানাত নিজ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিতেই গেলেকী আৰক্ষীয়ে আজিম হাজৰিকা নামৰ লোকজনক আটক কৰে ।

বৰ্তমান আজিম হাজৰিকাৰ গেলেকী আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : Protest in assam : ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত