Local, Vocal, Global

Minor girl dies by suicide under mysterious circumstances :বনকৰা কিশোৰীৰ আত্মহত্যা; জে’ললৈ প্ৰেৰণ অভিযুক্ত দম্পতীক

নিউজ ডেস্ক,২৭জুলাই : বনকৰা কিশোৰী আত্মহত্যাৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ দুজন লোকক । যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লিচুবাৰীৰ সুৰুজ নগৰৰ বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাক জেললৈ প্ৰেৰণ কৰিছে আদালতে(Minor girl dies by suicide under mysterious circumstances) ৷

উল্লেখ্য যে, ২৩ জুলাইত সুৰুজ নগৰ ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা বৰাৰ বাসগৃহত মৰিয়নী নিউ সোণোৱালৰ ১৩ বছৰীয়া কিশোৰীয়ে আত্মহননৰ দৰে চৰম পন্থা বাছি লয় ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি জানিব পৰা মতে নিউ সোণোৱালৰ কিশোৰীগৰাকীক পঢ়ুৱাব বুলি আনি কোনো বিদ্যালয়ত নাম ভৰ্তি কৰোৱা নাছিল দম্পতীটোৱে ৷ তাৰ বিপৰীতে কিশোৰীগৰাকীক ঘৰতে বিভিন্ন কাম কৰিবলৈ লগোৱাৰ কথা প্ৰকাশ কৰিছে ৷

যোৰহাট আৰক্ষীয়ে কিশোৰীগৰাকীক ৰখা দম্পতীটোক ঘটনাৰ দিনাই আটক কৰি আদলতত হাজিৰ কৰায় ৷ আদালতে দুয়োকে দুদিনৰ বাবে আৰক্ষীৰ জিন্মাত দিয়ে ৷ শুকুবাৰে আৰক্ষী জিন্মাৰ ম্যাদ শেষ হোৱাত দুয়োজনকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে আদালতে ৷

কিশোৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় নায় সংহিতাৰ 108/146/143 ধাৰা আৰু চাইল্ড লেবাৰ প্ৰহিবিশ্যন ৰেগুলেশ্যন এক্টৰ 141(1)ধাৰা আৰু জে জে এক্টৰ 75 ধাৰাৰ অধীনত যোৰহাট সদৰ থানাত 300/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছিল(Minor girl dies by suicide under mysterious circumstances in Jorhat) ৷

লগতে পঢ়ক :Corruption in PDS Rice: ৰাজ্যত সুলভ মূল্যৰ চাউলৰ ক’লা বেহা