Minor held for killing mother : মহানগৰীত হত্যাকাণ্ড;টেনিছ খেলুৱৈৰ হাতত প্ৰাণ গ’ল মাতৃৰ
নিউজ ডেস্ক ২৮ছেপ্তেম্বৰ : গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। কন্যাৰ হাতত প্ৰাণ গ’ল মাতৃৰ। গুৱাহাটী মহানগৰীৰ বৰমটৰীয়াৰ ৰূপকোঁৱৰ পথ সংঘটিত এই শিহৰণকাৰী ঘটনাটো।
জানিব পৰা মতে,ৰূপকোঁৱৰ পথত থকা PURNIMA MANSIONৰ BLOCK B ৰ ফ্লেটটোতে দীৰ্ঘদিন ধৰি বাস কৰিছিল মঞ্জু দেৱী, স্বামী আৰু তেঁওৰ কন্যাই।
কোনো দিনে কাৰো লগত শত্ৰুতা নাছিল পৰিয়ালটোৰ। সকলোৰে লগত হাঁহি-ধেমালিৰে কথা পাতিছিল মাতৃ কন্যাই(Minor Girl Arrested For Killing Mother In Guwahati)।
কিন্তু শুকুৰবাৰে নিশাটো যেন কিছু পৃথক আছিল। প্ৰতি দিনাৰ দৰে ফ্লেটটোত আছিল মাতৃ আৰু কন্যা। মঞ্জু দেৱীৰ কন্যা পেছাত এগৰাকী টেনিছ খেলুৱৈ। ৰাজ্যিক পৰ্যায়ত ইতিমধ্যে মঞ্জু দেৱীৰ কন্যাই টেনিছ খেলুৱৈ ৰূপে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল। শুকুৰবাৰে নিশা তানিয়া কুমাৰী নামৰ টেনিছ খেলুৱৈগৰাকীয়ে পটাগুটিৰে মৰিয়াই হত্যা কৰিলে মাতৃ মঞ্জু দেৱীক। মাতৃৰ মৃতদেহৰ কাষতে বহি থাকিল হত্যাকাৰী কন্যা। কিছু পলমকৈ ওচৰ-চুবুৰীয়াই উমান পায় সমগ্ৰ ঘটনাৰ। ঘৰৰ দুৱাৰ বন্ধ কৰি মাতৃৰ মৃতদেহৰ কাষতে বহি আছিল হত্যাকাৰী কন্যা(Minor Girl Arrested For Killing Mother In Guwahati)।
স্থানীয় লোকে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে মাতৃ, কন্যা দুয়োগৰাকী আছিল অতি শান্ত প্ৰকৃতিৰ।পিতৃ এগৰাকী টেনিছ প্ৰশিক্ষক। একেটা এপাৰ্টমেণ্টৰ আবাসীয়ে ঘটনা সন্দৰ্ভত কয়, প্ৰথমে তেওঁলোকৰ ফ্লেটৰ পৰা হুলস্থুল শুনিবলৈ পাইছিল আৱাসীসকলে। তেওঁলোকে আহি দুৱাৰত টুকুৰিয়াইছিল যদিও দুৱাৰ খুলি দিয়া নাছিল।
তাৰ পিছতে ঘটনা সন্দৰ্ভত উমান পাই ৰাইজে দিছপুৰ আৰক্ষীক খবৰ দিয়ে । কিছুসময় পিছতে ৰূপকোঁৱৰ পথত থকা PURNIMA MANSIONৰ BLOCK Bত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল। আৰক্ষীয়ে দুৱাৰ খুলি উদ্ধাৰ কৰে মঞ্জু দেৱীৰ মৃতদেহ। চৌদিশে তেজ মাথোঁ তেজ। কোঠাটোৰ এচুকত বহি থকা হত্যাকাৰী কন্যাক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে( Minor held for killing mother in Guwahati)।
বৰ্তমানলৈকে পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ কাৰণ। কিন্তু এগৰাকী টেনিছ খেলুৱৈৰ হাতত মাতৃৰ প্ৰাণ যোৱা ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰীক।
লগতে পঢ়ক :Elephant menace in Jamugurihat : জামুগুৰিহাটৰ বামুনিপামত বন্যহস্তীৰ সন্ত্ৰাস