Local, Vocal, Global

Minor found dead: মুণ্ডহীন অৱস্থাত উদ্ধাৰ ১২ বছৰীয়া ছফিউৰ ৰহমানৰ মৃতদেহ

গুৱাহাটী: মানকাচৰৰ অসম মেঘালয় সীমান্ত পাহাৰত মৃতদেহ উদ্ধাৰ। ক্ষত বিক্ষত আৰু মুণ্ডহীন অৱস্থাত উদ্ধাৰ ১২ বছৰীয়া ছফিউৰ ৰহমানৰ মৃতদেহ। চলিত মাহৰ ১১ তাৰিখৰ পৰা নিখোজ হৈ আছিল ছফিউৰ ৰহমান। কালাপানী আৰক্ষী চকীত নিখোজ হোৱা বুলি পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ। আজি অসম মেঘালয় সীমান্ত মেঘালয়ৰ চন্দনপাৰা পাহাৰত মুণ্ডহীন অৱস্থাত ছফিউৰ ৰহমানৰ। মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ঘটনা স্থলীত অসম আৰু মেঘালয় আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।